সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাঃ অভ্যৰ্থনা সমিতি গঠন।

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ গোলাঘাট জিলা ধনশিৰি মহকুমাৰ শংকৰ-মাধৱৰদেৱৰ সংস্কৃতিৰ ধাৰক বাৰেখেলীয়া বৰ নামঘৰত চতুৰ্থ বাৰ্ষিক হিচাপে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে প্ৰস্তুত হৈছে। তদুপলক্ষে বাৰেখেলীয়া নামঘৰৰ স্থায়ী সমিতিৰ সভাপতিত্বত হোৱা সাধাৰণ সভাত নৰেন চুতীয়াক সভাপতি,ৰেৱ চুতীয়া অাৰু টংকেশ্বৰ শইকীয়াক যুটীয়া সাধাৰণ সম্পাদক,জীৱন চুতীয়াক কাৰ্যকৰী সম্পাদক হিচাবে লৈ এখন সবল সমিতি গঠন কৰা হয়।
অহা ১০ মাঘৰ পৰা ১৭ মাঘ(ইং ২৫ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰী ২০১৯) লৈ হবলগীয়া প্ৰতিযোগিতাখনত ষষ্ঠত্বম পৰ্যন্ত পুৰস্কাৰ নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ দিছে অভ্যথনা সমিতিৰ সম্পাদক ৰেৱ চুতীয়াই।
সেই অনুসৰি প্ৰথম পুৰস্কাৰঃ ৬০,০০০টকা, দ্বিতীয় পুৰস্কাৰঃ ৪০,০০০টকা, তৃতীয় পুৰস্কাৰঃ ৩০,০০০ টকা, চতুৰ্থ পুৰস্কাৰঃ ২০,০০০টকা, পঞ্চম পুৰস্কাৰঃ ১০,০০০টকা অাৰু ষষ্ঠ পুৰস্কাৰঃ ৭০০০ টকা প্ৰদান কৰা হব বুলি জনাইছে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহনণ কৰিবৰ বাবে ৭৬৩৬৯৭৯৮৯৯, ৬০০০০১৮৭১৪, ৯৪০১৫৪০৭৩১ নম্বৰত যোগাযোগ কৰি ১৫ ডিচেম্বৰ ২০১৮ তাৰিখৰ পূৰ্বতে নাম অন্তৰ্ভূক্ত কৰিবলৈ অাহ্বান জনাইছে।
The post সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাঃ অভ্যৰ্থনা সমিতি গঠন। appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Rr7lrl
via IFTTT
Comments
Post a Comment