নিঃশেষ হোৱা নাই তিনি তালাক প্ৰথা! মৰিগাঁৱত তিনি তালেকেৰে বিবাহ বিচ্ছেদ পতি-পত্নীৰ

ডিজিটেল সংবাদ, মৰিগাঁওঃ যিসময়ত মহামান্য উচ্চতম ন্যায়ালয়ে তিনি তালাকক বে-আইনী ঘোষণা কৰিছে সেইসময়ত মৰিগাঁৱত সংঘটিত হৈছে এক তিনি তালাকৰ ঘটনা। মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰগাঁৱৰ বাসিন্দা আবু হুছেইনে তেওঁৰ পত্নী ইনুৱাৰা বেগমক মঙলবাৰে তিনি তালাক দিয়া ঘটনাই অঞ্চলটোত চাঞ্চল্যক সৃষ্টি কৰিছে।
জানিব পৰা মতে, জাগীৰোড থানাৰ অন্তৰ্গত বালিমুখ গাঁৱৰ বাহাৰুল ইছলামৰ কন্যা ইনুৱাৰ বেগম। দুটি সন্তানৰ মাতৃ ইনুৱাৰাই ১২ বছৰ পূৰ্বে আবু হুছেইনৰ লগত বিবাশ পাশত আবদ্ধ হৈছিল। বিয়াৰ প্ৰথম ২-৩ বছৰলৈ দুয়োৰে মাজৰ পতি-পত্নীৰ সম্পৰ্ক ঠিকেই চলি আছিল যদিও লাহে লাহে পত্নী ইনুৱাৰৰ ওপৰত আবু হুছেইনে শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে।
ইফালে পত্নী ইনুৱাৰা বেগমে অভিযোগ উত্থাপন কৰা মতে, মঙলবাৰে পৰিয়ালৰ সৈতে কিবা কথাত কাজিয়া লগাৰ পিছতে স্বামী আবু হুছেইনে তেওঁক তিনি তালাক দিয়ে। ইয়াৰ পিছতে অসহায় মহিলা গৰাকীয়ে স্বামীৰ বিৰুদ্ধে মৰিগাঁও জিলা ফৌজদাৰী আদালতত অভিযোগ দাখিল কৰে।
জানিব পৰা মতে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত মৰিগাঁও জিলা ফৌজদাৰী আদালতে আবু হুছেইনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে। মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালে আদালতৰ পৰা ন্যায় লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।
The post নিঃশেষ হোৱা নাই তিনি তালাক প্ৰথা! মৰিগাঁৱত তিনি তালেকেৰে বিবাহ বিচ্ছেদ পতি-পত্নীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q90oeD
via IFTTT
Comments
Post a Comment