হাতী খেদিবলৈ গৈ বনকৰ্মীৰ গুলীত আহত নুমলীগড়ৰ এজন

ডিজিটেল সংবাদ, গোলাঘাটঃ নুমলীগড়ৰ কাষৰীয়া ফলঙনীত বনকৰ্মীৰ গুলিত ফ্রেঙ্কলীন বিলুং নামৰ এজন লোক গুৰুত্বৰ ভাবে আহত। জানিব পৰা মতে, ফলঙনী ৰ নাহৰবাৰী চাহ বাগিচাত বুধবাৰে পুৱাৰে পৰা এটা ৬০-৭০টা হাতীৰ বৃহৎ জাকে অৱস্থান কৰি থকাত বনকৰ্মীয়ে হাতীৰ জাকটো খেদিবলৈ গুলীচালনা কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ বনৰক্ষীৰ গুলী হাতী চাবলৈ অহা ফ্রেঙ্কলীন বিলুং নামৰ গাত লগাত লোকজন গুৰুতৰভাৱে আহত হয়। আহত লোকজনৰ ঘৰ কোৱানী পাহাৰ লাইনত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, নুমলীগড়ৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকে সন্ত্ৰাস সৃষ্টি কৰি আহিছে। ইফালে, মঙলবাৰে নিশাৰে পৰা ফলঙনীৰ কোৱানী পথাৰ, নাহৰবাৰী বাগিচা আদি অঞ্চলত হাতীৰ জাকে বাহৰ পাতি থকাত অঞ্চলবাসী ৰাইজ শংকিত হৈ পৰিছে।

যাৰ ফলত বুধবাৰে পুৱা অঞ্চলোটত বনকৰ্মীৰ দল উপস্থিত হৈ বনৰীয়া হাতীৰ জাকটো আতৰাই পঠিয়াবলৈ চেষ্টা কৰাত লোকজন আঘাতপ্ৰাপ্ত হয়। অৱশ্যে বন্দুকৰ গুলীয়ে ফ্রেঙ্কলীন বিলুঙৰ ভৰিতহে আঘাত কৰাত কথমপি প্ৰাণ ৰক্ষা পৰে লোকজনৰ। স্থানীয় লোকে লোকজনক চিকিৎসালয়ত ভৰ্তি কৰে আৰু বৰ্তমান সুষ্ঠ বুলি জানিব পৰা গৈছে। ইফালে হাতীৰ জাকটো এতিয়াও নাহৰবাৰী চাহ বাগিচাত আবদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে।

The post হাতী খেদিবলৈ গৈ বনকৰ্মীৰ গুলীত আহত নুমলীগড়ৰ এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OgTzWo
via IFTTT

Comments