নন্দিনী নাথ হত্যাকাণ্ডৰ প্ৰতিবাদ, কোকৰাঝাৰত কেবাটাও সংগঠনৰ প্ৰতিবাদী জোৰ সমদল

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ গেন্দ্ৰাবিলৰ নন্দিনী নাথ নামৰ এগৰাকী ছাত্ৰীৰ অৰ্ধ অগ্নিদগ্ধ মৃতদেহ যোৱা ২৭ অক্টোবৰত গেন্দ্ৰাবিলৰ ধাননি পথাৰত উদ্ধাৰ হোৱাৰ পিছত বুধবাৰে নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী জোৰ সমদল বাহিৰ কৰা হয়।
উক্ত জোৰ সমদলত আছু, এবছু, আক্ৰাছু, আছা, চাওতাল ছাত্ৰ সন্থা, সূত্ৰধৰ যুৱ ছাত্ৰ সন্থা, নাথ যোগী সন্মিলনী, যুদ্ধবিৰত আলফা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আদিকে ধৰি কেবাটাও সংগঠনৰ নেতা-কৰ্মী সমৰ্থকে ভাগ লৈ নন্দিনী নাথৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ দাবী উত্থাপন কৰে।
এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে জোঁৰ সমদলত অংশগ্ৰহণ কৰি নন্দিনী নাথ নৃশংস হত্যাকাণ্ডৰ গৰিহণা দি হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত, পৰিয়ালক আৰ্থিক ক্ষতিপুৰণ আৰু সন্দেহযুক্ত লোকসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে। নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে নন্দিনী নাথৰ হত্যাকাণ্ড ৰহস্যজনক বুলি মন্তব্যৰে দোষীৰ গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰে। জোঁৰ সমদলটোৱে কোকৰাঝাৰ সদৰ চহৰ পৰিভ্ৰমণ কৰি নন্দিনী নাথৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি বিভিন্ন শ্ল’গানো নিক্ষেপ কৰে।
The post নন্দিনী নাথ হত্যাকাণ্ডৰ প্ৰতিবাদ, কোকৰাঝাৰত কেবাটাও সংগঠনৰ প্ৰতিবাদী জোৰ সমদল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JtCvf9
via IFTTT
Comments
Post a Comment