মহানগৰীত যান বাহন প্ৰদূষণ কেন্দ্ৰ মুকলি

ডিজিটেল সংবাদ, গুৱাহাটীঃ ভাৰত প্ৰেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেডে মঙলবাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো যান বাহন প্ৰদূষণ কেন্দ্ৰ মুকলি কৰে হাতীগাওস্থিত মেচাৰ্চ পদ্মা এণ্ড চনচ নামৰ ডিপোটোত। অনুষ্ঠানটোত পৰৱৰ্তী পৰ্যায়ত বি পি চি এলৰ সকলো তেল ডিপোতে এই যান বাহন প্ৰদূষণ কেন্দ্ৰ স্থাপন কৰা হব বুলিও সদৰি কৰে উপস্থিত বিষয়া বৰ্গই।

বি পি চি এলৰ মুখ্য প্ৰৱন্ধক বি চি চিকদাৰে কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰা অনুষ্ঠানত কোম্পানীটোৰ আঞ্চলিক মুৰব্বী পিংকু মহন্ত ¸ ৰাজ্যিক মুৰব্বী পিযুষ গুপ্তাকে ধৰি ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগৰ একাংশ বিষয়ববীয়াও উপস্থিত থাকে। যান বাহন সমুহ এতিয়াৰে পৰা পেট্ৰ’ল পাম্পত প্ৰদুষন পৰীক্ষা কৰিব পাৰিব বুলি জানিবলৈ দিয়ে বিষয়াসকলে।

The post মহানগৰীত যান বাহন প্ৰদূষণ কেন্দ্ৰ মুকলি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ro80Kf
via IFTTT

Comments