কোকৰাঝাৰত শান্তিৰ বাবে দৌৰ আৰক্ষীৰ, অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ পণ

ডিজিটেল সংবাদ,কোকৰাঝাৰঃ লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত ৰাষ্ট্ৰীয় একতা দিৱস আজি কোকৰাঝাৰতো উদযাপন কৰা হয় । ৰাষ্ট্ৰৰ অখণ্ডতা আৰু সাৰ্বভোমত্ব ৰক্ষাৰ বাবে পণ লৈ কোকৰাঝাৰ আৰক্ষীয়ে শান্তিৰ বাবে এক মিনি মাৰাথন দৌৰ অনুষ্ঠিত কৰে ।
শান্তিৰ বাবে এক দৌৰ কাৰ্যসূচী উপলক্ষে কোকৰাঝাৰ সদৰ থানাৰ পৰা এক মিনি মাৰাথন দৌৰ অনুষ্ঠিত হয় । উক্ত মিনি মাৰাথন দৌৰত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙ , অতিৰিক্ত আৰক্ষী অধীক্ষক কমল কুমাৰ গুপ্তা , উপ আৰক্ষী অধীক্ষক প্ৰকাশ মেধীকে ধৰি ২০০ ৰো অধিক বিষয়া-জোৱানে অংশগ্ৰহণ কৰে ।
মিনি মাৰাথন দৌৰটোৱে কোকৰাঝাৰ সদৰ থানাৰ পৰা ফ্লাইঅভাৰ ,শান্তিনগৰ ,জিলা উপায়ুক্তৰ কাৰ্যালয় হৈ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অন্ত পৰে । শান্তিৰ বাবে দৌৰ সমাপ্ত হোৱাৰ পিছত কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাাজেন সিঙে বিষয়া-জোৱানসকলক ৰাষ্ট্ৰৰ অখণ্ডতা , সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে কাম কৰাৰ আহ্বান জনায় ।
The post কোকৰাঝাৰত শান্তিৰ বাবে দৌৰ আৰক্ষীৰ, অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ পণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q3dGJo
via IFTTT
Comments
Post a Comment