ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত নলবাৰীৰ কংকনাক সম্বৰ্ধনা
ষ্টাফ ৰিপ’ৰ্টাৰ, নলবাৰীঃ ৰাষ্ট্রীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হোৱা নলবাৰী জিলাৰ ৰাইটকুছি লোকপ্ৰিয় বৰদলৈ মজলীয়া বিদ্যালয়ৰ ছাত্রী কংকনা দাসক আজি নলবাৰী জিলা মজলীয়া শিক্ষক সন্থাই বিপুলভাৱে আদৰনি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে। এই উপলক্ষে বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ সভাত নলবাৰী জিলা মজলীয়া শিক্ষক সন্থাৰ সভাপতি অৰুন দাস, সম্পাদক অবনী কুমাৰ ডেকা, সদৌ অসম মজলীয়া শিক্ষক সন্থাৰ যুটীয়া সম্পাদক লোহিত ডেকা, বিষয়ববীয়া অমৰেন্দ্ৰ গোস্বামী, মহেশ দাস,জনাৰ্দন কলিতাই শিশু বিজ্ঞানী হিচাবে ৰাষ্ট্রীয় পৰ্যায়লৈ বাচনি হোৱাত সন্তোষ প্ৰকাশ কৰাৰ উপৰি বিজ্ঞান অধ্যয়নে ছাত্র ছাত্রী সকলক সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাবলৈ সাহস যোগাব বুলি মত প্ৰকাশ কৰে। সহকাৰী শিক্ষক কিশোৰ কুমাৰ কলিতাই আত ধৰা অনুষ্ঠানত শিক্ষক সন্থাৰ তৰফৰ পৰা এখন ফুলাম গামোচা, কিতাপৰ টোপোলা আৰু নগদ ধনৰ টোপোলাৰে কংকনা দাসক শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে। উল্লেখ্য যে চৰম আৰ্থিক দীনতাত ভূগিও একাগ্রতা আৰু সাহসেৰে শিশু বিজ্ঞানী হিচাবে ৰাষ্ট্রীয় পৰ্যায়ত জিলিকিবলৈ সক্ষম হোৱাত সোমবাৰেও নলবাৰী জিলা প্ৰাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকা, জ্যেষ্ঠ সহায়ক পৰেশ শৰ্ম্মা বিদ্যালয়ত উপস্থিত হৈ কিতাপৰ টোপোলা আৰু গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰে। এই উদ্দেশ্যে অনুষ্ঠিত এক অনুষ্ঠানত শিক্ষা বিষয়া, জ্যেষ্ঠ সহায়ক আৰু শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলা সমন্বয়ক প্ৰদীপ মহন্ত, শৈক্ষিক সমন্বয়ক ডা:সমুজ্জ্বল ভৰদ্বাজক বিদ্যালয়ৰ তৰপৰ পৰা ফুলাম গামোচাৰে সম্বর্ধনা জ্ঞাপন কৰা হয়।
উল্লেখ্য যে বিদ্যালয়খনৰ বিজ্ঞান শিক্ষয়িত্রী ডেইজী তালুকদাৰৰ তত্বাৱধানত আৰু ষষ্ঠ শ্রেণীৰ ছাত্র হিমাংশু কলিতাৰ সহযোগত কংকনা দাসে “চফট্ ড্ৰিংকচৰ পৰিৱৰ্তে গ্ৰীষ্মত পৰম্পৰাগত বৰথেকেৰা টেঙাৰ বিজ্ঞান সন্মত অধ্যয়ন” শীৰ্ষক এটা গুৰুত্বপূর্ণ প্ৰকল্প উপস্থাপন কৰি ৰাষ্ট্রীয় পৰ্যায়ত জিলিকি উঠিবলৈ সক্ষম হৈছে ।মনকৰিবলগীয়া যে ডেৰ বছৰ বয়সতে পিতৃহাৰা কংকনাৰ বিধৱা মাতৃয়ে এটি ভগ্ন চালিঘৰৰ তলত বসবাস কৰি এই সাফল্য কঢ়িয়াৱলৈ সক্ষম হোৱাৰ পিছতো চৰকাৰ অথবা স্থানীয় বিধায়ক নাৰায়ন ডেকাই দুখীয়া ছাত্রী গৰাকীৰ খবৰ নোলোৱাত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে দুখীয়া ছাত্রী গৰাকীক সাহায্য প্রদান কৰাৰ বাবে স্থানীয় বিধায়ক দাবী জনাইছে। কংকনাই অহা মাহত উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হব লগা ৰাষ্ট্রীয় পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত অংশগ্রহণ কৰিব।
The post ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত নলবাৰীৰ কংকনাক সম্বৰ্ধনা appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2RoTpy5
via IFTTT
Comments
Post a Comment