কাজিৰঙাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী,  মুখ্য মন্ত্ৰীকে ধৰি সাত মন্ত্ৰীৰ উপস্থিতিত “স্বাস্থ্যসেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮” শীৰ্ষক  ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

ডিজিটেল ডেস্ক, কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত আজিৰ পৰা তিনি দিনীয়া বিভিন্ন কাৰ্য্যসূচীৰে কাজিৰঙাৰ কহঁৰাস্থিত বৰগছ পৰ্যটন নিবাসত “স্বাস্থ্যসেেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ হয়। আজি এই সন্মিলন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয়  ভাৰতৰ প্ৰধান মন্ত্ৰীৰ প্ৰচেষ্টাৰ কাৰণে সমগ্ৰ দেশৰ লগতে অসমত স্বাস্থ্য সেৱাত দ্ৰুত গতিত উন্নয়ণ আৰম্ভ হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি প্ৰধান মন্ত্ৰীৰ শুভ দৃষ্টি পৰাত নতুন নতুন আচঁনিৰে জনসাধাৰণৰ উন্নয়ণ সম্ভৱ হৈ উঠিছে। অসমত বিভিন্ন দিশত  উন্নয়ণৰ পথ দেখি নব্য প্ৰজন্মৰ মনত এক জাগৰণ সৃষ্টি হৈছে বুলি মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে।
অন্যহাতে বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বসতি স্থান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি সম্পৰ্কীয় লোকৰ মাজত প্ৰচাৰ কৰিবলৈ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিনিধিক আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। বোকাখতৰ বিধায়ক তথা কৃষি মন্ত্ৰী  অতুল  বৰা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,  স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা, ভাৰত চৰকাৰ ৰাজ্যিক মন্ত্ৰী অশ্চিনী কুমাৰ চৌবে আদিৰ উপস্থিতিত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি আড্ডা সন্মিলনত  উপস্থিত থাকি কয় আমি এই ক্ষেত্ৰত সদায়ে সজাগ থাকি অতি সাবধানে কাম কৰিব লাগিব। আমি এনে ধৰণে কাম কৰিব লাগিব যাতে বিশ্বৰ আন দেশে অনুকৰণ কৰিব লাগিব। ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা সন্মিলনত অংশ গ্ৰহণ কৰা প্ৰতিনিধিক উদ্যেশ কৰি কেন্দ্ৰীয় মন্ত্ৰীয়ে কয় আপোনালোকে গাঁও অঞ্চলৰপৰা নিম্ন পৰ্যায়ৰ কৰ্মীৰ পৰা তথ্য সংগ্ৰহ কৰিলেহে প্ৰকৃত তথ্য লাভ কৰিব পাৰিব। আশা কৰ্মীৰ পৰা সকলো স্বাস্থ্য কৰ্মীক বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি পাৰ্গত কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী নড্ডাই বিষয়াসকলক আহ্বান জনায়। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা আজিৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই ৰাষ্ট্ৰীয় সন্মিলনত ৰাজস্থান, মধ্য প্ৰদেশ, অৰুণাচল, তামিলনাডু, ছতিসগড়কে ধৰি ভাৰতৰ ৩৪ ৰাজ্যৰ প্ৰায় তিনি শতাধিক স্বাস্থ্য বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়াই অংশ গ্ৰহণ কৰিছে। স্বাস্থ্য  উন্নতিৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা  অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ ২৫০ গৰাকী স্বাস্থ্য বিষয়াক আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীয়ে মানপত্ৰৰ সৈতে বঁটা প্ৰদান কৰে।
সন্মিলনখনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব, কেইবাগৰাকীও উচ্চ পদস্ত বিষয়া, বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰসমূহৰ  অতিৰিক্ত মুখ্য সচিব, মুখ্য সচিব, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালকসকল তথা অন্যান্য উচ্চ পদস্ত বিষয়াসকল উপস্থিত আছিল। অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ ইতিমধ্যে কালিৰপৰা বহু সংখ্যক বিষয়া আহি কাজিৰঙাৰ বিভিন্ন পৰ্যটন নিবাসত বাহৰ পাতি আছে।  কেন্দ্ৰীয় মন্ত্ৰী, মুখ্য মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী তথা উচ্চ পৰ্যায়ৰ বিভাগীয় বিষয়াৰ নিৰাপত্তাৰ কাৰণে কেইবা শতাধিক নিৰাপত্তা ৰক্ষী কাজিৰঙাত অনা হৈছে। সন্মিলনত ভাগ লবলৈ অহা মন্ত্ৰী-বিষয়াৰ কাৰণে কাজিৰঙাত থকা সকলো চৰকাৰী-বেচৰকাৰী পৰ্যটন নিবাসৰ কোঠা আগতীয়াকৈ স্বাস্থ্য বিভাগে সংৰক্ষণ কৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা  পৰ্যটকৰ কাৰণে সমস্যাই দেখা দিছে। কাজিৰঙাত পৰ্যটক উপস্থিত হৈ পৰ্যটন নিবাসৰ কোঠা নোপোৱাত নগাঁও, তেজপুৰ আদি ঠাইত ৰাত্ৰি যাপন কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে।
ইফালে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নড্ডাই সন্মিলনত ভাগ লৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি কাজিৰঙাৰ মনোৰম প্ৰাকৃতিক দৃশ্য তথা গডঁ, পহুৰ জাক, বিভিন্ন প্ৰজাতিৰ পক্ষী দেখি উৎফল্লিত হৈ পৰিছে। উল্লেখ্য কাজিৰঙাত অনুষ্ঠিত হোৱা সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ অহা সকলো প্ৰতিনিধিকে অসম  ৰাজ্যিক  স্বাস্থ্য বিভাগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে। অন্যহাতে এই সন্মিলনৰ লগত সংগতি ৰাখি প্ৰতিনিধিসকলক অসমৰ কলা সংস্কৃতি প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হৈছে৷

The post কাজিৰঙাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী,  মুখ্য মন্ত্ৰীকে ধৰি সাত মন্ত্ৰীৰ উপস্থিতিত “স্বাস্থ্যসেৱা ব্যৱস্থাৰ উত্তম আৰু অনুকৰণযোগ্য অনুশীলন সম্পৰ্কত পঞ্চম ৰাষ্ট্ৰীয় ২০১৮” শীৰ্ষক  ৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ appeared first on Gana Adhikar.



from Gana Adhikar https://ift.tt/2Odflu9
via IFTTT

Comments