শিৱসাগৰ চিকিৎসালয়ৰ প্ৰসাৱগাৰত মোনাত ভৰাই পেলাই থৈ গ’ল ২০ দিনীয়া শিশু

ডিজিটেল সংবাদ, শিৱসাগৰঃ জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসাৱগাৰত মঙলবাৰৰ সন্ধিয়া ৬.৩০ বজাত এটি শিশু উদ্ধাৰ হয়। এটা মোনাত ভৰাই কোনো লোকে এই কন্যা শিশুটিক পেলাই থৈ গৈছিল উক্ত স্থানত।

চিকিৎসা কৰ্মীয়ে শিশুটিক প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰি নি চিকিৎসালয়ৰ চিকিৎসকক অৰ্পন কৰে। চিকিৎসকে তাৎক্ষণিকভাৱে উদ্ধাৰ হোৱা কন্যা শিশুটিৰ চিকিৎসা কৰে আৰু বৰ্তমান শিশুটি সম্পূৰ্ণ সুস্থ বুলি জানিবলৈ দিছে।

চিকিৎসকৰ মতে, প্ৰায় ২০ৰ দিনৰ পূৰ্বে জন্ম হৈছিল শিশুটিৰ। স্থানীয় লোকে সন্দেহ কৰা মতে কোনো লোকে কলংকৰ দাগ মচিবলৈ এইদৰে কন্যা শিশুটোক বেগত ভৰাই চিকিৎসালয়ৰ প্ৰসাৱগাৰত এৰি থৈ গৈছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

The post শিৱসাগৰ চিকিৎসালয়ৰ প্ৰসাৱগাৰত মোনাত ভৰাই পেলাই থৈ গ’ল ২০ দিনীয়া শিশু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q7NKfB
via IFTTT

Comments