সুস্থ হৈ ঘৰলৈ উভতিল আৰ পি শৰ্মা

ডিজিটেল ডেস্কঃ ‘কাইলৈৰ পৰা পুনৰ বাঘৰ গোজৰণি শুনিবলৈ পাব’ চাৰিমাহ অসুস্থতাৰ অন্তত নিজ সমষ্টিত উপস্থিত হৈ এই মন্তব্য প্ৰকাশ কৰিলে তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাই। দীৰ্ঘ সময়ৰ পাছত তেজপুৰত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে আলোচনাতো বহে আৰ পি শৰ্মাই।

এপিএছচি কেলেংকাৰীত নিজ কন্যা জড়িতৰ অভিযোগ সন্দৰ্ভতো মত ব্যক্ত কৰে শৰ্মাই। সাংসদগৰাকীয়ে কয় ‘মোৰ ছোৱালীক জে’ললৈ পঠিওৱাৰ ক্ষেত্ৰত ৰাজনৈতিক অভিসন্ধি লুকাই আছে। এই কথা মই পিছত ৰাজহুৱা কৰিম।’

১৯ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ পৰা টিকট নিশ্চিত বুলিও মন্তব্য আৰ পি শৰ্মাৰ। সংবাদমাধ্যমৰ সন্মুখত প্ৰায় ৩-৪ লাখ ভোটত জয়ী হোৱাৰ দাবী কৰিলে সাংসদগৰাকীয়ে।

The post সুস্থ হৈ ঘৰলৈ উভতিল আৰ পি শৰ্মা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qkB2Pm
via IFTTT

Comments