প্ৰভাৱশালী মন্ত্ৰীৰে কম বয়সীয়া বোৱাৰীৰ হলিগলিক লৈ আজিও উত্তাল দেউৰী গাঁও

ডিজিটেল সংবাদ, নগাঁওঃ কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে দুমাহমান পূৰ্বে উত্থাপিত যৌন কেলেংকাৰী প্ৰসংগত নগাঁৱৰ এখন গাৱঁত শেহতীয়াভাবে সৃষ্টি হৈছে ব্যাপক উত্তেজনা। কেন্দ্ৰীয় মন্ত্ৰীজনৰ বিৰুদ্ধে যিগৰাকী কম বয়সীয়া বোৱাৰীয়ে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিছিল, সেইগৰাকী মহিলাৰ স্বামীগৃহ নগাঁও জিলাৰ তুলসীমুখ দেউৰী গাঁৱৰ ৪০০ঘৰৰ সদস্য ওলাই আহি উক্ত মহিলাগৰাকীৰ বিৰুদ্ধে প্ৰতিবাদত সোচ্চাৰ হৈ পৰিছে।
কালি নিশা গাঁওখনৰ একাংশ পুৰুষ-মহিলা ওলাই আহি মহিলাগৰাকীৰ স্বামী গৃহত শিল গুটি দলিয়াই আক্ৰমণ কৰাৰ লগতে গাঁওখনৰ সন্মান অটুট ৰাখিবলৈ দাবী জনায়। প্ৰায় দুঘণ্টা ধৰি ব্যাপক উত্তেজনা চলাৰ পিছত সকলো লোক ঘৰলৈ ওভতি যায় যদিও আজি গাঁওখনত পুনৰ উত্তেজনাৰ সৃষ্টি হয়।
দেউৰী গাঁৱৰ পুৰুষ-মহিলা সমন্বিতে সকলো সচেতন লোক সমবেত হৈ উক্ত মহিলাগৰাকীৰ স্বামী গৃহত বহু সময় ধৰি ধৰ্ণা দিয়ে। উত্তেজিত লোকসকলে দেহ ব্যৱসায় বন্ধ কৰক, ৰাজেন গোহাঁই মুৰ্দাবাদ আদি ধ্বনিৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তাৰ পিছত এখন ৰাইজ মেল অনুষ্ঠিত হয়। ৰাইজ মেলত উক্ত মহিলাগৰাকীৰ পৰিয়ালক সামাজিকভাবে বৰ্জন কৰাৰ লগতে অহা দহ দিনৰ ভিতৰত উক্ত গৃহ ত্যাগ কৰিবলৈ আহ্বান জনায়।
গাঁৱৰ লোকসকলে ৰাজপথত এক সমদল উলিয়াই মহিলাগৰাকীৰ পৰিয়াল আৰু মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী ধ্বনিৰে উত্তাল কৰি তোলে। গাঁও ত্যাগ নকৰিলে নিৰ্দিষ্ট সময় পিছত ৰাইজে তেওঁলোকৰ সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ব্যৱস্থা ল’বলৈ দাবী জনাব।
ইফালে বিতৰ্কিত মহিলাগৰাকীৰ স্বামী গৃহত সাম্ভাৱ্য অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাৰে পৰা জিলা প্ৰশাসনে নিৰাপত্তাৰক্ষী মোতায়ন কৰিছে। আৰক্ষীৰ উপস্থিতিৰ বাবে কোনো ভয়ানক ঘটনা সংঘটিত হোৱাৰ পৰা পৰিয়ালটো ৰক্ষা পৰে।
স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে মতে, মন্ত্ৰী ৰাজেন গোহাঁই আৰু মহিলাগৰাকীৰ যৌন নিৰ্যাতনৰ বিতৰ্কই সমগ্ৰ দেউৰী গাঁওবাসীক লজ্জানত কৰিছে। উল্লেখ্য, দুমাহমানৰ পূৰ্বে মহিলা গৰাকীয়ে ৰাজেন গোহাঁইৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি আৰক্ষী থানাত গোচৰ তৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে তেওঁৰ অভিযোগ ভুল বুজাবুজি বুলি আদালতত লিখিতভাবে জনাইছিল। আনকি, মহিলাগৰাকীৰ স্বামীয়ে অভিযোগটো অস্বীকাৰ কৰি , ভুল বুজা-বুজি হোৱা বুলি ভিডিঅ’ পোষ্ট দিছিল। মন্ত্ৰীজনৰ যৌন কেলেংকাৰীৰ বিতৰ্ক মাৰ যোৱাৰ পিছত দুদিন পূৰ্বে মহিলাগৰাকীৰ স্বামীয়ে পুনৰ ঘটনাটো চৰ্চালৈ আনি সংবাদ মাধ্যমত তেওঁক ভয়-ভাবুকিৰে উক্ত যৌন নিৰ্যাতনৰ গোচৰটি উঠাই লবলৈ বাধ্য কৰিছিল বুলি প্ৰকাশ কৰে।
আনকি, তেওঁ গোচৰটো পুনৰ চলোৱা হ’ব বুলি প্ৰকাশ কৰে। সংবাদ মাধ্যমত কালি এই বাতৰি প্ৰকাশ হোৱাৰ পিছতেই গাঁওখনৰ পুৰুষ-মহিলা আদি সকলোৱে ৰাজপথলৈ ওলাই আহি মহিলাগৰাকীৰ ঘৰৰ সন্মুখত ধৰ্ণা দিয়াৰ লগতে ঘৰখনৰো কিছু ক্ষতিসাধন কৰে। অানহাতে, ঘটনাটোক লৈ চলা চৰ্চা অনুসৰি ব্যাপক ধনৰ লেনদেনৰ বাবেই মহিলাগৰাকীয়ে সঘনাই নিজৰ মতামত সলনি কৰিছে।
The post প্ৰভাৱশালী মন্ত্ৰীৰে কম বয়সীয়া বোৱাৰীৰ হলিগলিক লৈ আজিও উত্তাল দেউৰী গাঁও appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ACRlNr
via IFTTT
Comments
Post a Comment