বঙালীক অযথা হাৰাশাস্তি কৰাৰ পৰিণতি! ৫ বঙালীয়ে আত্মহত্যা কৰাৰ অভিযোগ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বৈধ নথিপত্ৰ থকা সত্বেও বঙালীক অযথা হাৰাশাস্তি কৰাৰ পৰিণতিতে ৰাজ্যত পাঁচজনকৈ বঙালী সম্প্ৰদায়ৰ লোকে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে।

তামুলপুৰৰ বিনয় চন্দ, খেৰাবাৰীৰ গোপাল দাস, খাৰুপেটীয়াৰ নিৰদবৰণ দাস, খাগ্ৰাবাৰীৰ দীপক দেৱনাথ আৰু দুলীয়াজানৰ সঞ্জীত দাস বৈধ নাগৰিক হোৱা সত্বেও ডি ভোটাৰৰ জাননি লাভ কৰাৰ পিছতেই বিদেশীৰ অপবাদ সহ্য কৰিব নোৱাৰি আত্মহত্যা কৰে। এই বিস্ফোৰক অভিযোগ প্ৰকাশ কৰিছে বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মণ্টু দেয়ে।

মঙলবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত বিটিচি বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মণ্টু দেই উক্ত গুৰুতৰ অভিযোগ কৰি উপযুক্ত নথি পত্ৰ থকাৰ পিছতো বেংগলী সম্প্ৰদায়ৰ একাংশ লোকক অযথা হাৰাশাস্তি কৰা কাৰ্যক তীব্ৰ গৰিহণা দি হাৰাশাস্তি বন্ধ কৰিবলৈ আহ্বান জনায়।

তদুপৰি সংবাদমেলত নেতাগৰাকীয়ে একাংশ ব্যাক্তিৰ উগ্ৰ জাতিয়তাবাদৰ বাবেই বেংগলীৰ সতে অসমীয়াৰ সংঘাত সৃষ্টি হোৱা কাৰ্যত গভীৰ উদ্বেগ প্ৰকাশ কৰে। সংবাদমেলত সকলোকে সমিলমিলেৰে থাকিবলৈও আহ্বান জনাইছে মণ্টু দেয়ে।

The post বঙালীক অযথা হাৰাশাস্তি কৰাৰ পৰিণতি! ৫ বঙালীয়ে আত্মহত্যা কৰাৰ অভিযোগ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Srz38O
via IFTTT

Comments