১ মিনিটত ২৫ খবৰ

১. কলিয়াবৰৰ শিলঘাট ব্ৰক্ষপুত্ৰৰ চাপৰিত উদ্ধাৰ চাৰিটা বনৰীয়া ম’হৰ মৃতদেহ। কৃষিপথাৰত দিয়া বিহ খাই মৃত্যু হোৱা সন্দেহ বন বিভাগৰ।

২. গুজৰাটত মঙলবাৰে ৰহস্যজনকভাৱে এগৰাকী মহিলা আৰক্ষী কৰ্মীৰ মৃত্যু। আৰক্ষীয়ে আৰম্ভ কৰিছে ঘটনাৰ তদন্ত ।

৩. প্ৰসংগ মি টু। বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰী এম জে আকবৰে দিল্লীৰ এখন বিশেষ আদালতত দিলে লিখিত মন্তব্য। মন্ত্ৰীজনে কলে, ‘সকলো সঁঁচা কথা কৈছো, মোৰ ওপৰত উঠা অভিযোগ ভিত্তিহীন।

 

৪. ‘বাংলাদেশীক সুৰক্ষা দিছে অখিল গগৈয়ে।’ বুধবাৰে এখন সংবাদমেলত এই অভিযোগ তুলিলে বিজেপি বিধায়ক নোমল মমিনে।

৫. এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হব গোবিন্দ মাথোৰ। এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ে বুধবাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিলে পত্ৰ।

৬.  নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলৰ প্ৰৱেশ পথত ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি দুখন ট্ৰাকৰ সংঘৰ্ষ। দুৰ্ঘটনাত হতাহতি হোৱা নাই কোনো লোক ।

৭. বুধবাৰে আফগানিস্তানত হোৱা সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত নিহতৰ সংখ্য ২৫জনলৈ বৃদ্ধি। নিহত সকলৰ ভিতৰত ৩ জন সেনাৰ উচ্চ পদস্থ বিষয়া।

৮. হাৰিয়ানাৰ চৌনিপত গাঁৱত বুধবাৰে পুৱা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৪গৰাকী মহিলাক।

৯. হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰাহুল ৰায়ৰ বিৰুদ্ধে থানাত গোচৰ। দলীয় কৰ্মীক বন্দুক প্ৰদৰ্শন কৰি ভাবুকি দিয়াৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী গৌতম ৰায়ৰ পুত্ৰৰ ৰাহুল ৰায়ৰ বিৰুদ্ধে।

১০. বুধবাৰে মুম্বাইৰ এখন লোকেল ৰে’লত অগ্নিকাণ্ড। কোনো লোক হতাহত হোৱা নাই অগ্নিকাণ্ডৰ ঘটনাত।

১১. তিতলী ঘূৰ্ণী বতাহে ব্বিধস্ত কৰা অন্ধপ্ৰদেশলৈ কেন্দ্ৰীয় চৰকাৰৰ ২২৯.০৫ কোটি টকাৰ সাহাৰ্য্য। অন্ধপ্ৰদেশ চৰকাৰে ক্ষতিপূৰণ হিচাপে বিছাৰিছিল ১২০০ কোটি টকা।

১২. বানাৰসীত এটা মলত দুৰ্বৃৰ্ত্তৰ গুলীচালনা। গুলীবিদ্ধ হৈ মৃত্যু হয় দুজন লোকৰ।

১৩. দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বুধবাৰে মৃত্যু তিথি। ১৯৮৪ চনৰ ৩১ অক্টোবৰত দুজন সুৰক্ষাকৰ্মীয়ে নিজ বাসগৃহতে গুলীয়াই হত্যা কৰিছিল গান্ধীক।

১৪. অভিনেত্ৰী ৰাখী সাৱন্তে তনুশ্ৰী দত্তৰ ওপৰত তৰিলে ২৫ পইচাৰ মানহানি গোচৰ। সংবাদমাধ্যমৰ সন্মুখত ৰাখীৰ মন্তব্য ‘ ২৫ পইচাৰ মানুহ তনুশ্ৰী।’

১৫.  শিলচৰত এগৰাকী মহিলাক নৃশংসভাৱে হত্যা। বন্ধ কোঠাত উদ্ধাৰ মহিলাগৰাকীৰ মৃতদেহ। শৰীৰৰ বিভিন্ন স্হানত আঘাটৰ চীন স্পষ্ট।

১৬. চত্তীশগড়ৰ ৰায়পুৰত এগৰাকী শিক্ষাৰ্থীক দলৱদ্ধ বলৎকাৰ অভিযোগ। আৰক্ষীৰ জালত ৪ জন যুৱক।

১৭. মঙলবাৰে নিশা দক্ষিণ দিল্লীৰ নিজামুদ্দিন বস্তিত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ৪ জন লোক গুৰুতৰভাৱে আহত।

১৮. ১২ ডিচেম্বৰত বিবাহপাশত আৱদ্ধ হ’ব মুকেশ আম্বানীৰ জীয়াৰী ঈশা আম্বানী। উদয়পুৰত হ”ব বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।

১৯. গোলাঘাটত চিলনীচোৰক গণপ্ৰহাৰ। এগৰাকী মহিলাৰ পৰা পইচাৰ বেগ কাঢ়ি নিওতেই ৰাইজে ধৰি গতাই দিলে আৰক্ষীক।

২০. ৰাচিয়াৰ চোৰাংচোৱা সংস্থা ‘ফেডাৰেল চিকিউৰিটি চাৰ্ভিছ’ত আত্মঘাটী বোমাৰুৰ আক্ৰমণ। গুৰুতৰভাৱে আহত সংস্থাটোৰ তিনিজন চোৰাংচোৱা বিষয়া।

২১. বুধবাৰে পুনৰ অৱনমিত ভাৰতীয় টকাৰ মূল্য। ডলাৰৰ বিপৰীতে ৭৪.১১ টকালৈ হ্ৰাস।

২২. ‘সাংবাদিকৰ সুৰক্ষাৰ গাৰেন্টি দিব নোৱাৰে আৰক্ষীয়ে।’ বৃৃহস্পতিবাৰে চতীশগড় আৰক্ষী সঞ্চালক ডি এম অৱস্তিয়ে এনেদৰে গা এৰা মন্তব্য কৰে।

২৩. বিগত কিছুদিনৰ পৰা দিল্লীত বৃদ্ধিপোৱা বায়ু প্ৰদুষণৰ বাবে কেজৰিৱালে জগৰীয়া কৰিলে হাৰিয়ানা,পঞ্জাৱ আৰু কেন্দ্ৰীয় চৰকাৰক। উদ্যোগ সমূহৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ দিল্লীৰ মুখ্যমন্ত্ৰীজনৰ।

২৪. নলবাৰী পাইকাৰকুছিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰিল ইটাভৰ্তি ট্ৰাক৷ দুৰ্ঘটনাৰ ফলত বহুসময় ধৰি যান-বাহন আবদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথত।

২৫. ডিমৌৰ চৰগুৱাত বনৰীয়া হাতীৰ তাণ্ডৱ। প্ৰায় ১৫০টা হাতীৰ জাকৰ উপদ্ৰৱ অঞ্চলটোত। হাতীৰ জাকটোৱে নষ্ট কৰিলে বহু ধাননি পথাৰ।

The post ১ মিনিটত ২৫ খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zfFVNT
via IFTTT

Comments