ৰাষ্ট্ৰীয় একতা শিবিৰত যোগদান নলবাৰী-টিহু কলেজৰ শিক্ষাৰ্থীৰ

ডিজিটেল সংবাদ, নলবাৰীঃ অসম তথা গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰি নলবাৰী কলেজ আৰু টিহু মহাবিদ্যালয়ৰ ১০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু এজন প্ৰ’গ্ৰেম অফিচাৰসহ মুঠ এঘাৰজনীয়া দল এটাই উৰিষ্যাৰ ভুবনেশ্বৰত ২৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা কেন্দ্ৰীয় চৰকাৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত অয়োজিত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ ৰাষ্ট্ৰীয় একতা শিবিৰত অংশগ্ৰহণ কৰিছে।

সাতদিনীয়া এই কাৰ্যসূচীত দলটোৱে বিভিন্ন কাৰ্যসূচীৰ লগতে অসমৰ লোক সংস্কৃতি প্ৰদৰ্শনৰ চেষ্টা কৰিব। ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিহুক উপস্থাপন কৰা হয়। টিহু মহাবিদ্যালয় এন এছ এছৰ প্ৰ’গ্ৰেম অফিচাৰ সঞ্জীৱ শৰ্মাৰ নেতৃত্বত যোৱা দলটোত টিহু মহাবিদ্যালয়ৰ পলাশ ডেকা, ধনজিৎ, মনিষা বেজবৰুৱা আৰু লীনা শৰ্মাৰ লগতে নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মানসজ্যোতি তালুকদাৰসহ মহাবিদ্যালয়খনৰ নয়নমণি ডেকা, দ্বীপজ্যাতি কলিতা, নিকুমনি ডেকা, ডৰথী মজুমদাৰ আৰু ৰিকি লহকৰে অংশগ্ৰহণ কৰিছে।

অংশগ্ৰহণকাৰী দলটোক নলবাৰী মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ প্ৰ’গ্ৰেম অফিচাৰ কুমুদ ৰাভা, অধ্যক্ষ ড০ দীপক গোস্বামী আৰু টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কিশোৰ কুমাৰ তালুকদাৰ, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক আৰু সাধাৰণ সম্পাদক অক্ষয় ডেকাই আন্তৰিক শুভেচ্ছা জনাইছে।

The post ৰাষ্ট্ৰীয় একতা শিবিৰত যোগদান নলবাৰী-টিহু কলেজৰ শিক্ষাৰ্থীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DeqvxU
via IFTTT

Comments