বৰপথাৰত বন বিভাগৰ অবিবেচক কৰ্ম-কাণ্ডঃ বন বিভাগে ম্যাদী পট্টা মাটিতেই আৱন্টন দিলে বালি মহল
গণ বাৰ্তা, বৰপথাৰঃ ৰাজ্য চৰকাৰৰ বন বিভাগৰ আজব কাণ্ড। ম্যাদি পট্টাৰ মাটিতেই বন বিভাগে ঠিকাদাৰক আৱণ্টন দিলে বালি মহল৷ এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰত৷ বিগত ১৫ বছৰে অবৈধ ভাবে চলি থকা ধনশিৰি নদীৰ বালি খনন কায্যক বৈধতা প্ৰদান কৰি নিবিদা আহ্বান কৰিছিল বন বিভাগে৷ বৰপথাৰ খণ্ড বন বিষয়া ৰাজীৱ কাকতিয়ে প্ৰেৰণ কৰা ৰিৰ্পটৰ ওপৰত ভিত্তি কৰি বৰপথাৰ খণ্ড বন বিষয়াৰ কায্যালয়ৰ এলেকাৰ ভিতৰত চাৰিটাকৈ বালি মহল আৱণ্টন দিছিল বন বিভাগে৷ চাৰি নম্বৰ বালি মহলটো আৱণ্টন পোৱাৰ পিছতে মহলদাৰে তীব্ৰ গতিৰে বালি খনন কায্য আৰম্ভ কৰে৷ এই খনন কায্যই স্থানীয় লোকৰ ম্যাদি পট্টাৰ মাটিকো সাঙুৰি লয়৷ মহলদাৰৰ এনে কাৰ্য্যত ক্ষোভিত হৈ স্থানীয় একাংশলোকে জিলা উপায়ুক্ত আৰু জিলা বন বিষয়াৰ ওচৰত অভিযোগ দাখিল কৰে৷ স্থানীয় লোকৰ অভিযোগৰ ফলত জিলা বন বিষয়াই চৰজমিন তদন্তৰ বাবে এচিএফৰ নেতৃত্বত এটা দল প্ৰেৰণ কৰে৷ চৰজমিন তদন্ত কৰিবলৈ আহি ৰাইজৰ ৰোষৰ সন্মুখীন হয় তদন্ত কৰিবলৈ অহা এচিএফ বিষয়া গৰাকী আৰু বৰপথাৰৰ খণ্ড বন বিষয়া ৰাজীৱ কাকতি৷ ৰাইজে বনবিষয়া গৰাকীক কেনেকৈ ম্যাদী পট্টাৰ মাটিত বন বিভাগে ঠিকাদাৰক বালি মহল আৱণ্ট দিলে বুলি প্ৰশ্ন কৰে৷ তাৰোপৰি ধনশিৰি নদীৰ মথাউৰিৰ ওপৰত কেনেকৈ বালি গাড়ী চলাবলৈ বন বিভাগে অনুমতি দিলে বুলিও প্ৰশ্ন কৰে স্থানীয় ৰাইজে৷
স্থানীয় ৰাইজৰ অভিযোগ, ধনশিৰি নদীৰ মঠাউৰিৰ ওপৰেদি প্ৰতিদিনেই চলে ১০ ৰ পৰা ১৫ খন পয্যন্ত বালি গাড়ী । আজি প্ৰায় দুবছৰে মথাউৰিৰ ওপৰেদি মহলদাৰ গৰাকীয়ে কঢ়িয়াই আছে বালি গাড়ী। যাৰ ফলত মথাউৰিটো বহি যোৱাৰ লগতে দ-গাঁতৰ সৃষ্টি হৈছে। যদি কেনেবাকৈ এই মথাউৰিটো বহি যোৱাৰ ফলত বাৰিষা ভাঙি গ’লে বহু সংখ্যক গাঁও বানত বুৰ যাৱ। আৰু দুহেজাৰৰো অধিক পৰিয়াল বানত বিস্তৰ ক্ষতিসাধন হোৱাৰ আশংকা ব্যক্ত কৰে স্থানীয় ৰাইজে। ইফালে ১০ বছৰতকৈও অধিক সময় একেটা স্থানতে কাৰ্য্য নিৰ্বাহ কৰি সোঁৱে-বাঁওৱে ধন ঘটা বৰপথাৰৰ খণ্ড বন বিষয়া ৰাজীৱ কাকতিৰ বালি মহলদাৰৰ লগত থকা গোপন মিতিৰালিৰ বাবেই এনে ঘটনা সংঘটিত হবলৈ পাইছে বুলি কয় স্থানীয় ৰাইজে ৷ তদুপৰি আজি পোন্ধৰটা বছৰে বৰপথাৰত এই গৰাকী খণ্ড বন বিষয়াৰ কায্যকালতে অবৈধ ভাবে ধনশিৰি নদীত বালি খনন কায্য চলি থকাৰ কথা নিজেই স্বীকাৰ কৰে বন বিষয়া গৰাকীয়ে।
আনহাতে বছৰ বছৰ ধৰি একেটা স্থানতে কাৰ্য্যনিৰ্বাহ কৰি থকা এই গৰাকী খণ্ড বন বিষয়াই নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থতে স্থানীয় লোকক বিপদৰ মুখলৈ ঠেলি বালি মহলদাৰৰ স্বাৰ্থত কাম কৰাৰ বাবেই এনেকোৱা পৰিস্থিত উদ্ভৱ হৈছে বুলি মন্তব্য দিয়ে স্থানীয় ৰাইজে ৷
The post বৰপথাৰত বন বিভাগৰ অবিবেচক কৰ্ম-কাণ্ডঃ বন বিভাগে ম্যাদী পট্টা মাটিতেই আৱন্টন দিলে বালি মহল appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2zeXhu7
via IFTTT
Comments
Post a Comment