৩৭ তম ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতালৈ অসমৰ ২৬ জনীয়া দল
ষ্টাফ ৰিপ’ৰ্টাৰ,নলবাৰীঃ উৰিষ্যাৰ কটকত অহা ২ নৱেম্বৰ পৰা ৪ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৩৭ তম ৰাষ্ট্ৰীয় ‘কিউৰোগী’ চিনিয়ৰ টাইকোৱানডো চেম্পিয়নশ্বীপ আৰু দশম ৰাষ্ট্ৰীয় পুমচে চেম্পিয়নশ্বীপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে নিৰ্বাচিত অসমৰ ছাব্বিশ জনীয়া প্ৰতিযোগীৰ দলটো আজি ৰাওনা হৈছে। ৰাজ্যিক দলটিত নলবাৰীৰ দুগৰাকী প্ৰতিভাৱান খেলুৱৈ ক্ৰমে মৃদুস্মিতা দেৱী আৰু কৌস্তভমনি শৰ্মা নিৰ্বাচিত হৈছে। অসমৰ দলটোৱে উন্নতমানৰ খেল প্ৰদৰ্শনেৰে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব বুলি আশা কৰি দলটোলৈ সদৌ অসম টাইকোৱানডো সন্থাৰ সভাপতি ভাস্কৰ দাস, সম্পাদক দিলীপ ডাউকা আৰু নলবাৰী জিলা টাইকোৱানডো সন্থাৰ সম্পাদক দিগন্ত বৰ্মনে অভিনন্দন জনাইছে।
The post ৩৭ তম ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতালৈ অসমৰ ২৬ জনীয়া দল appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2qkn4gF
via IFTTT
Comments
Post a Comment