জঘন্য! বিনামূলীয়া পাঠদানৰ নামত ১৫ বছৰীয়া ছাত্ৰীক ঘৰতে যৌন নিৰ্যাতন শিক্ষকৰ

ডিজিটেল ডেস্কঃ বিনামূলীয়া পাঠদানৰ অচিলা লৈ বাৰে বাৰে যৌন নিৰ্যাতন চলোৱা হৈছিল এগৰাকী ১৫ বছৰীয়া কিশোৰীৰ ওপৰত। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা ৫ মাহ ধৰি কেতিয়াবা বিদ্যালয়ত, কেতিয়াবা শিক্ষকৰ ঘৰত নাইবা কেতিয়াবা কিশোৰীগৰাকীৰে ঘৰত যৌন নিৰ্যাতনৰ বলি হৈছিল দশম শ্ৰেণীত অধ্যয়নৰত এইগৰাকী কিশোৰী।
টিউচন মাষ্টৰৰূপী নৰপিশাচৰ বিৰুদ্ধে অৱশেষত কিশোৰী ছাত্ৰীগৰাকীয়ে মুখ খোলাৰ পিছতে অভিভাৱকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পুণে ইন্টাৰনেশ্যনেল স্কুলৰ শাৰিৰীক প্ৰশিক্ষণ বিভাগৰ এগৰাকী শিক্ষকক।
জানিব পৰা মতে, শিক্ষক অজিত গোল্ডিয়ে একে বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক বিনামূলীয়া পাঠদান কৰিব বুলি কোৱাত ছাত্ৰীগৰাকীৰ অভিভাৱকো মান্তি হয়। পিছত নিকৃষ্ট মানসিকতাৰ শিক্ষকজনে ফেব্ৰুৱাৰী মাহৰ পৰা কৌশলেেৰে ছাত্ৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে।
প্ৰথমে ছাত্ৰীগৰাকীয়ে শিক্ষকৰ এনে মানসিকতা ধৰিব পৰা নাছিল যদিও লাহে লাহে বুজি উঠাত ইয়াৰ বিৰোধিতা কৰাত শিক্ষকজনে ছাত্ৰীগৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰি নিৰ্যাতন চলাই যায়।
কিন্তু ঘটনাৰ ৫ মাহ পিছত অৱশেষত ছাত্ৰীগৰাকীয়ে এই সকলোবোৰ কথা অভিভাৱকৰ আগত খুলি কোৱাত ছাত্ৰীগৰাকীৰ অভিভাৱকে স্থানীয় থানাত শিক্ষকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে পক্স’ আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত।
The post জঘন্য! বিনামূলীয়া পাঠদানৰ নামত ১৫ বছৰীয়া ছাত্ৰীক ঘৰতে যৌন নিৰ্যাতন শিক্ষকৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RnJSaD
via IFTTT
Comments
Post a Comment