গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম.কমৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটী কমাৰ্চ কলেজৰ সাফল্য়

ডিজিটল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সদ্যঘোষিত এম.কমৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উৎফুল্লিত হৈ পৰিছে গুৱাহাটী কমাৰ্চ কলেজ পৰিয়াল। মুঠ ১১২ গৰাকী ছাত্র-ছাত্ৰীৰ ভিতৰত মহাবিদ্যালয়খনৰ ১০৮ গৰাকী ছাত্র-ছাত্ৰীয়ে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। অৰ্থাৎ মহাবিদ্যালয়খনৰ ৯৬.৬৯ শতাংশ ছাত্র-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। তেওঁলোকৰ ভিতৰত ৮৩ গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে ২৫ গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়।

উল্লেখ্য যে, বিশ্ববিদ্যালয়খনৰ শীর্ষ ১০ গৰাকী ছাত্র-ছাত্ৰীৰ ভিতৰত ৯ গৰাকীয়ে গুৱাহাটী কমাৰ্চ কলেজৰ। যি খবৰে উৎফুল্লিত কৰি তুলিছে মহাবিদ্যালয়খনৰ ছাত্র-ছাত্ৰী তথা শিক্ষকসকলক। এই ফলাফলত মহাবিদ্যালয়খনৰ পৰা শীর্ষ ৯টা স্থান দখল কৰিবলৈ সক্ষম হোৱা ছাত্র-ছাত্ৰীসকল ক্ৰমে তৃতীয় স্থান – শালিনী ওজা আৰু শাশ্বতী গোস্বামী, চতুৰ্থ স্থান- অংকিতা দাস আৰু চয়নিকা দেৱী, পঞ্চম স্থানত এনি ভট্টাচাৰ্য্য আৰু নিমিশা মেধি, ষষ্ঠ স্থানত দীক্ষা ধৰ, সপ্তম স্থানত অদিতি বৰুৱা আৰু দশম স্থানত পূজা ভৌমিক।

উল্লেখ্য যে, ২০১৮বৰ্ষৰ মাৰ্চ মাহত ৰূপালী জয়ন্তীৰ সামৰণি উৎসৱ পালন কৰিছিল মহাবিদ্যালয়খনৰ এম. কম বিভাগে। বিভাগটোৰ এনে সাফল্যত মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সোমেশ্বৰ কলিতা আৰু সমন্বয়ক ডঃ ৰতিকান্ত পাঠকে বিভাগটোৰ অধ্যাপক- অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰে।

The post গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম.কমৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটী কমাৰ্চ কলেজৰ সাফল্য় appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zg94IS
via IFTTT

Comments