দৰঙৰ পাচলি বজাৰত মধ্যভোগী দালালৰ দপদপনি, কৃষকে পোৱা নাই উচিত মূল্য
গণবাৰ্তা,খাৰুপেটীয়াঃ দৰঙৰ পূব মঙলদৈ অঞ্চলৰ খাৰুপেটীয়া, দলগাওঁ, বেচিমাৰী, লালপুল, দৈপাম, কৌপাটি আৰু চৰ অঞ্চলৰ কৃষি বিশেষকৈ শাক-পাচলি উৎপাদনৰ ক্ষেত্ৰত অসমৰ লগতে গোটেই উত্তৰ পুৰ্বাঞ্চলতে এক বিশেষ অধিকাৰ দখল কৰি আহিছে। প্ৰায় তিনি দশক ধৰি এই অঞ্চলৰ উৎপাদিত শাক-পাচলি বিশেষকৈ ফুলকবি, বান্ধা কবি, আলু, বিলাহী, বেঙেনা, বিন, লেচেৰা, কেৰেলা, ভেন্দি আদি সামগ্ৰী উত্তৰ পূৰ্বাঞ্চৰ চাহিদা পুৰণ কৰি আহিছে। কিন্তু এই অঞ্চলৰ কৃষকে মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে পাচলি উৎপাদন কৰি আহিছে যদিও সেই বিলাকৰ উচিত মূল্য নাপায় সৰ্বসান্ত হৈ পৰিছে কৃষকে। বৰ্তমান খাৰুপেটীয়াৰ বজাৰত প্ৰতি কিলো ৬-৭ টকীয়া ফুলকবি গুৱাহাটী বজাৰত ৪০-৫০ টকা। উৎপাদনস্থলীত নাই পাচলিৰ মূল্য। মধ্যভূগীৰ দপদপনিৰ বাবেই গুৱাহাটীত চাৰিগুণ মূল্যত বিক্ৰী হয় পাচলি। গড়চুকৰ বজাৰত চলি আছে ছিণ্ডিকেট চক্ৰ। অত্যাধিক পৰিবহন ব্যয়, আৰক্ষী দালাল, চৰকাৰী মাছুল, বিষয়া পাকিং ইত্যাদি। গুৱাহাটী বজাৰত মাছুল ভৰিব লাগে একাংশ বেপাৰী সকলে।
গুৱাহাটীৰ বজাৰত পাচলিৰ বজাৰত মূল্য হ’লেও উৎপাদনস্থলীত নাই পাচলিৰ মূল্য। দৰঙৰ খাৰুপেটীয়াৰ বালুগাঁও পাচলিৰ বজাৰত অঞ্চলটোৰ কৃষকে অতি কষ্টৰে উৎপাদন কৰা ফুলকবি, বান্ধাকবি লগতে অন্যান্য পাচলি বজাৰলৈ আনিছে যদিও যোৱা কেইদিনৰ পৰা ফুলকবিৰ দাম অতি নিম্ন হোৱাত মূৰে কপালে হাত দিছে কৃষকে। মাত্ৰ কেইদিনমান পূৰ্বে বতৰৰ প্ৰথম ফচল হিচাপে ফুলকবি বালুগাঁও বজাৰত ৪০-৫০ টকা প্ৰতি কিলোও বিক্ৰী হৈছিল যদিও যোৱা দুই তিনিদিনৰ পৰা বজাৰত ৫-৭ টকা প্ৰতিকিলোত বিক্ৰী হৈছে ফুলকবি। এফালে কৃষিপ্ৰধান অঞ্চল হিচাপে বজাৰত ফুলকবি উভনৈদী আনফালে যোৱা কেইদিনৰ পৰা বজাৰখনত কমিছে বাহিৰা বেপাৰী। অনাগত দিন যেনেদৰে বাহিৰা বেপাৰীৰ বজাৰখনত আগমন ঘটে। যোৱা কেইদিনৰ পৰা বাহিৰা বেপাৰী হ্ৰাস পোৱাত কমিছে পাচলি সমূহৰ মূল্য। আন পিনে এইখন বজাৰৰ পৰা দৈনিক শ শ পাচলি ট্ৰাকেৰে গুৱাহাটীত গড়চুকৰ বজাৰলৈ একাংশ বেপাৰীয়ে বিক্ৰী বাবে লৈ গলেও গড়চুক বজাৰখনত বৰ্তমান দালাল, পাৰ্কিং, আৰক্ষী, ছিণ্ডিকেটৰাজ চলি থকাত পাচলিৰ বাবে অত্যাধিক মাছুল ভৰিব লাগীয়া হৈছে।
গুৱাহাটীবাসী, একাংশ বেপাৰীসকলে সাংবাদিক আগত কয় যে অত্যাধিক পৰিবহন ব্যয়, আৰক্ষীৰ মাছুল, কমিছনৰাজ পাচলিৰ ছিণ্ডিকেট, মধ্যভোগীৰ দপদপনি আদিৰ বাবে গুৱাহাটীবাসীয়ে পাচলিৰ বাবে ভৰিব লাগে অত্যাধিক মূল্য। তাৰোপৰি গড়চুকৰ বজাৰখনত বৰ্তমান কৃষক শ্ৰেণীক উপকৃত কৰা সলনি একাংশ দালাল মধ্যভোগীক লাভান্বিত কৰিছে। চৰকাৰে যদি পাচলিৰ পাইকাৰী বজাৰবোৰত এনেধৰনৰ মধ্যভোগীবোৰ উৎখাত কৰিব নোৱাৰে উৎপাদনস্থলীত সামান্য পাচলি মূল্য হলেও গুৱাহাটীৰ সৈতে আন চহৰ বোৰত সাধাৰণ ৰাইজে পাচলিৰ বাবে ভৰিব লাগিব অত্যাধিক পৰিমানৰ দাম। চৰকাৰ ওচৰত দাবী জনাইছে দালাল চক্ৰ, আৰক্ষী মাছুল, ছিণ্ডিকেটৰাজ বন্ধ নহলে একাংশ ৰাইজে এনে দৰে ভৰি খাৱ লাগিব পাচলি। এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেইটো হব লক্ষণীয় বিষয়৷
The post দৰঙৰ পাচলি বজাৰত মধ্যভোগী দালালৰ দপদপনি, কৃষকে পোৱা নাই উচিত মূল্য appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2Pwh2HQ
via IFTTT
Comments
Post a Comment