মহানগৰীত ৰাষ্ট্ৰীয় একতা দিৱস পালন

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি ৰাষ্ট্ৰীয় একতা দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি দেশজুৰি আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচী। গুৱাহাটীত পুৱাই ‘ৰান ফৰ ইউনিটি’ শীর্ষক দৌৰ আয়োজন কৰা হয়। মহানগৰীৰ নেহৰু ষ্টেডিয়ামৰ পৰা জৰ্জ ফিল্ডলৈকে বাহিৰ কৰা হয় এই দৌৰ। উল্লেখ্য যে লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তী উপলক্ষে দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হৈছে।
মহানগৰীৰ নেহৰু ষ্টেডিয়ামত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ নেতৃত্বত আয়োজন কৰা হয় এই ৰাষ্ট্ৰীয় একটা দিৱস। এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জগত প্ৰকাশ নাড্ডা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই অনুষ্ঠানৰ পাছতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ আৰ্হিৰে সমাজৰ সকলো লোককে এক হৈ থকাৰ আহ্বান জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বুধবাৰৰ এই কাৰ্যসূচীৰ ভাগ লয় মহানগৰীৰ বহু শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীয়ে।
The post মহানগৰীত ৰাষ্ট্ৰীয় একতা দিৱস পালন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Pv6Wqx
via IFTTT
Comments
Post a Comment