কামপুৰ ৰে’ল ষ্টেছনত ৭ বস্তা শামুক জব্দ

ডিজিটেল সংবাদ, নগাঁওঃ মঙলবাৰে নিশা নগাঁৱৰ কামপুৰ ৰে’ল ষ্টেছনত ৰাইজে প্ৰায় ৭ বস্তা শামুক জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি কামপুৰৰ একাংশ দুষ্টচক্ৰই পথাৰৰ পৰা শামুক সমূহ সংগ্ৰহ কৰি ৰে’ল যোগে ডিমাপুৰলৈ সৰবৰাহ কৰি অাহিছিল। তিনি গৰাকী মহিলাই শামুক খিনি ৰে’ল যোগে ডিমাপুৰলৈ নিবলৈ সাজু হওতে ৰাইজে শামুকখিনি জব্দ কৰি ৰে’ল অাৰক্ষী অাৰু বন বিভাগক গতাই দিয়ে।

উল্লেখ যোগ্য ৰে’ল অাৰক্ষীৰ দলটোত মহিলা অাৰক্ষী নথকাৰ বাবেই মহিলা কেই গৰাকী পলাই যাবলৈ সক্ষম হয়। শামুকসমূহ ডিমাপুৰলৈ নিলে প্ৰতিকেজি শামুক বিক্ৰী হয় ৪৫ ৰ পৰা ৫০ টকাত। পাছত বন বিভাগৰ লোকে জব্দ কৰা শামুকখিনি পুনৰ পথাৰত এৰি দিয়ে।
The post কামপুৰ ৰে’ল ষ্টেছনত ৭ বস্তা শামুক জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yHJqND
via IFTTT
Comments
Post a Comment