পৰিষদৰ নীতি নিয়ম উলংঘা, আৰএমচিৰ সভাপতি আমিনুৰ ইছলামক বহিস্কাৰ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰএমচিৰ সভাপতি আমিনুৰ ৰহমানে পৰিষদৰ নীতি নিয়ম উলংঘা কৰি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে কাম কৰাত তেওঁক বহিস্কাৰ কৰি মবিনুৰ ইছলামক (ৰুবুল) ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰিছে ৷
বুধবাৰে এক প্ৰেছ বিবৃতিযোগেে এই কথা জানিবলৈ দিছে আৰএমচিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ছেলিম আহমেদ খানে ৷ প্ৰেছ বিবৃতিত উল্লেখ থকা মতে আমিনুৰ ৰহমানে পৰিষদৰ সাংগঠনিক কাৰ্যৱলীৰ প্ৰতি চৰম অৱহেলা কৰি নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱসায়ী কামত বেছি গুৰুত্ব দিছিল ৷ তদুপৰি আমিনুৰ ৰহমানে পৰিষদৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ নেতৃত্বক অন্ধকাৰত ৰাখি নিজাববীয়াকৈ কিছুুুুমান সিদ্ধান্ত লোৱাত দিনকদিনে সাংগঠনিক স্থিতি অৱনমিত হোৱা বুলিও প্ৰেছ বিবৃতিত উল্লেখ কৰিছে ছেলিম আহমেদ খানে ৷
উল্লেখ্য যে যোৱা ২৮ অক্টোবৰত পৰ্বতঝোৰাত আৰএমচিৰ এক কাৰ্যকৰী সভা অনুষ্ঠিত হৈছিল আৰু সভাৰ তিনি নং প্ৰস্তাৱমৰ্মে আৰএমচিৰ সভাপতি আমিনুৰ ৰহমানক বহিস্কাৰ কৰা হয় ৷ আনহাতে অহা পোন্ধৰ দিনৰ ভিতৰত এখন সাধাৰণ সভা আহবান কৰি সভাৰ সিদ্ধান্তমৰ্মে পৰিষদৰ পূৰ্ণাংগ সমিতি গঠন কৰা হব বুলিও কাৰ্যকৰী সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
The post পৰিষদৰ নীতি নিয়ম উলংঘা, আৰএমচিৰ সভাপতি আমিনুৰ ইছলামক বহিস্কাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yGTYg0
via IFTTT
Comments
Post a Comment