৫৬ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মদিন। ১৯৬২ চনত অসমৰ ডিব্ৰুগড় জিলাৰ দিনজানত জন্মগ্ৰহণ কৰিছিল তেওঁ। সৰ্বানন্দ সোণোৱালৰ পিতৃৰ নাম স্বৰ্গীয় জীৱেশ্বৰ সোণোৱাল আৰু মাতৃৰ নাম স্বৰ্গীয়া দিনেশ্বৰী সোণোৱাল।
মহাবিদ্যালয়ত পঢ়ি থকা দিনৰ পৰাই সমাজৰ কামকাজৰ সৈতে জড়িত আছিল তেওঁ। সদৌ অসম ছাত্ৰ সন্থাৰ হৈ ৰাইজৰ উন্নতিৰ হকে যুঁজিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সেই সময়ৰ আছুৰ সভাপতিজনে। তেওঁ ১৯৯২ চনৰ পৰা ১৯৯৯ চনলৈ সদৌ অসম ছাত্ৰ সন্থা সভাপতিৰ পদ অলংকৃত কৰিছিল।
ইয়াৰ সমান্তৰালকৈ ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈ তেওঁ উত্তৰ পূব ছাত্ৰ সন্থাৰ চেয়াৰমেনৰ পদত অধিষ্ঠিত আছিল। তাৰ পাছতে তেওঁ প্রত্যক্ষ ৰাজনীতিত নামে। ১৯৯৯ চনত তেওঁ অসম গণ পৰিষদত যোগদান কৰে। ২০০১ চনত প্ৰথম বাৰৰ বাবে মৰাণ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল সৰ্বানন্দ সোণোৱাল।
পাছলৈ তেওঁ ২০১১ চনত ভাৰতীয় জনতা পাৰ্টিয়ে যোগ দিছিল। তাৰ পাছতে ২০১২ চনত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হৈছিল। আই এম ডি টি আইনৰ বিৰুদ্ধে আদালতত যুঁজ চলাই এই আইন বাতিল কৰিবলৈ সক্ষম হোৱাৰ বাবে তেওঁ ‘জাতীয় নায়ক’ উপাধিও পাইছিল। নিৰ্বাচনী ক্ষেত্ৰৰ পৰা নিৰ্বাচিত ভাৰত গণৰাজ্যৰ যুৱ কাৰ্যক্ৰম আৰু খেল মন্ত্ৰালয়ৰ স্বতন্ত্ৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰীৰ পদো তেওঁ অলংকৃত কৰিছিল।
উল্লেখ্য যে ২০১৬ চনত তেওঁ মাজুলী সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয় সাব্যস্ত কৰে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। ওপজা দিনত অগণন লোকে শুভেচ্ছা জনাইছে তেওঁক।
The post ৫৬ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q4EJUJ
via IFTTT
Comments
Post a Comment