সৰুপথাৰ নগৰৰ মাজমজিয়াত চুৰৰ তিঘিলঘিলনী, নিৰ্বিকাৰ সৰুপথাৰ আৰক্ষী
মনোজ গগৈ, বৰপথাৰঃ সোমবাৰে নিশা সৰুপথাৰ নগৰৰ মাজমজিয়াত, ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সীমাতে থকা ‘হাইজেক টেকন’ল’জিচ’ নামৰ মোবাইল বিপনী খনত চুৰে চলাই চাফাই অভিযান। সোমবাৰে নিশা চুৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ দেৱালৰ ওপৰেদি উঠি হাই জেক টেকন’ল’জিচ নামৰ মোবাইল বিপনী খনৰ চিলিঙ কাটি লৈ যায় প্ৰায় ৬/৭ লাখ মান টকাৰ vivo, oppo, Samsung আৰু redmiৰ ৩০ টাতকৈ অধিক স্মাৰ্ট ফোন। উলেখ্য যে প্ৰাঞ্জল ভৰদ্বাজ শৰ্মা নামৰ যুৱক জনৰ ঘৰৰ সন্মুখতে আছিল তেওঁৰ মোবাইৰ বিপনী খন। সোমবাৰে নিশা মোবাইল বিপনী খনৰ স্বত্বাধিকাৰী জন ঘৰত নাছিল। তেওঁৰ পত্নী আৰু ঘৰৰ কামকৰা এজন লৰাহে ঘৰত আছিল।
তাৎপৰ্যপূৰ্ণ কথা এই যে ধনশিৰি মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সমীপতে আৰু সৰুপথাৰ আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত তথা সৰুপথাৰ বৰপথাৰ মুল পথৰ দাঁতিত থকা দোকান খনত নিশা চুৰে চাফাই অভিযান চলালে আৰু সৰুপথাৰ আৰক্ষীয়ে একো ভূকে নাপালে। নিশা হলেই সৰুপথাৰ আৰক্ষী অবৈধভাৱে পাৰহোৱা অৰুণাচলী সুৰা, চুফাৰী, কয়লা, তথা শিল বালি ট্ৰাকৰ পৰা কমিচন উঠোৱাত হে ব্যস্ত থকাৰ বিপৰীতে চুৰে নিৰ্বিঘ্নে চাফাই অভিযান চলাই যায়৷
The post সৰুপথাৰ নগৰৰ মাজমজিয়াত চুৰৰ তিঘিলঘিলনী, নিৰ্বিকাৰ সৰুপথাৰ আৰক্ষী appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2F1ptqO
via IFTTT
Comments
Post a Comment