গুণোৎসৱ নে বেমেজালিয়া উৎসৱঃ এবছৰে গুণোৎসৱৰ ফলাফল লাভ নকৰিলে আঠগাঁও মজলীয়া বিদ্যালয়ে
ছাইদুল ইছলাম, ধিংঃ প্ৰাথমিক শিক্ষাৰ গুণগত মান নিৰূপনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে কেতবোৰ অভিলাষী আঁচনি গ্ৰহণ কৰাৰ সামান্তৰালকৈ সম্প্ৰতি গুণোৎসৱ অনুষ্ঠিত কৰিছে যদিও একাংশ দায়িত্ব জ্ঞানহীন বিষয়া-কৰ্মচাৰীৰ বাবেই ঠাই বিশেষে ব্যাপক বিসংগতি পূৰ্ণ হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে। এই সকল কাণ্ড-জ্ঞানহীন বিষয়া-কৰ্মচাৰীৰ অমনোযোগীতাৰ বাবেই একাংশ বিদ্যালয়ে চৰম দুৰ্ভোগ ভূগিব লগত পৰিছে। তেনে এক অবিবেচক কাণ্ড সংগটিত হৈছে ধিঙত। গুণোৎসৱ অনুষ্ঠিত হৈ যোৱাৰ আজি এবছৰ পাৰ হোৱাৰ পিছতো ধিঙস্হিত ধিং আঠগাঁও মজলীয়া বিদ্যালয়ে আজিও লাভ নকৰিলে যোৱা বছৰ অনুষ্ঠিত হোৱা গুণোৎসৱৰ ফলাফল। এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷
প্ৰাপ্ত তথ্য অনুসৰি, ধিং পৌৰ এলেকাত অৱস্হিত নগাঁও জিলা স্কুল পৰিদৰ্শকৰ অধীনস্হ আঠগাঁও মজলীয়া বিদ্যালয়ে বিগত ২০১৭ বৰ্ষৰ ১০ আৰু ১১ অক্টোবৰত আন বিদ্যালয় সমূহৰ দৰেই ব্যাপক তৎপৰতাৰে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছিল গুণোৎসৱ। ইফালে এই বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হব অহাকালি অথাৎ ৩১ অক্টোবৰ আৰু এক নবেম্বৰত। কিন্তু এই পৰ্য্যন্ত আঠগাঁও মজলীয়া বিদ্যালয়ে লাভ নকৰিলে গোণোৎসৱৰ ফলাফল। বিদ্যালয় খনৰ শৈক্ষিক দিশটো তদাৰক কৰা ওচৰৰে বটদ্ৰৱা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এই সমগ্ৰ ঘটনাৰ বিষয়ে অৱগত কৰাইছিল আঠগাঁও মজলীয়া বিদ্যালয়ে প্ৰধানে। পৰৱৰ্ত্তী সময়ত আঠগাঁও মজলীয়া বিদ্যালয় কৰ্তৃপক্ষৰ তথ্যৰ ওপৰত ভিত্তি কৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গৰাকীয়ে এই সমগ্ৰ ঘটনাৰ বিষয়ে নগাঁও জিলা স্কুল পৰিদৰ্শকক অৱগত কৰাইছিল যদিও আজিও পৰ্যন্ত কোনো ধৰণৰ ফলাফল লাভ কৰিব’লৈ সক্ষম নহল শতবৰ্ষ গৰকা এই বিদ্যালয় খনে। প্ৰায় সাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু ২৫ গৰাকীকৈ শিক্ষক-শিক্ষয়ত্ৰী থকা এই প্ৰাচীন বিদ্যালয় খনে অহা অহাকালি ৩১ অক্টোবৰ আৰু এক নবেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত কৰিব দ্বিতীয় পৰ্যায়ৰ গোণোৎসৱ। কিন্তু অশেষ ত্যাগ আৰু কষ্টৰে অনুষ্ঠিত কৰিব’লৈ লোৱা এই গোণোৎসৱৰ ফলা ফল যোৱা বছৰৰ দৰেই হব নেকি তাৰে আশংকাত ভূগিছে এতিয়া এই বিদ্যালয় খনে। যোৱা বছৰ অনুষ্ঠিত গুণোৎসৱ ফলাফল এই বিদ্যালয় খনে কাৰ ভূলৰ বাবে লাভ নকৰিলে এই ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই ব্যৱস্হা গ্ৰহণ কৰিবলৈ সক্ষম হবনে ? এই প্ৰশ্নই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।
The post গুণোৎসৱ নে বেমেজালিয়া উৎসৱঃ এবছৰে গুণোৎসৱৰ ফলাফল লাভ নকৰিলে আঠগাঁও মজলীয়া বিদ্যালয়ে appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2CQhbPK
via IFTTT
Comments
Post a Comment