সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব, সাম্ৰাজ্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে পাটনাৰ ৰাজপথত ‘ভইচ অৱ পে’ন’

পাটনাৰ গান্ধী ময়দানৰ পৰা ধ্ৰুৱজ্যোতি সাহাৰ এক প্ৰতিবেদনঃ খাটিখোৱা জনতাৰ বাবে প্ৰাণ দিয়া সাংবাদিক পৰাগ দাস আৰু কমলা শইকীয়াক জীয়াই ৰখাৰ সংকল্পৰে বুধবাৰে পাটনাৰ ৰাজপথত মঞ্চস্থ কৰা হয় ‘ভইচ্ অৱ পে’ন’ নামৰ নাটকখনি। নাটকখনিৰ জৰিয়তে সাধাৰণ জনগণৰ ওপৰত চলা চৰকাৰী শোষণৰ বিৰুদ্ধে কলম তুলি লোৱাৰ বাবেই সাংবাদিকক হত্যা কৰাৰ কৰুণ ঘটনা তুলি ধৰা হয়। সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব কৰি হত্যা কৰাৰ দৰে নিৰ্লজ্জ কৰ্মত নিয়োজিত হোৱা শাসকীয় পক্ষৰ ষড়যন্ত্ৰ তথা সাম্ৰাজ্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে পাটনাৰ ৰাজপথত প্ৰদৰ্শিত নাটকখনিৰ যোগেদি মুকলি প্ৰতিবাদ কৰে অসমৰ নাট্যকাৰে।

উল্লেখ্য যে, ভাৰতীয় গণ নাট্য সংঘৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে যোৱা ২৭ অক্টোবৰৰ পৰা বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা গণ সাংস্কৃতিক অনুষ্ঠানত অসমৰ পল্লৱ হাজৰিকাৰ পৰিচালনা আৰু পৰিকল্পনা আৰু ইঞ্জু আহমেদৰ নেতৃত্বত ‘ভইচ্ অৱ পে’ন’ নামৰ নাটকখন প্ৰদৰ্শন কৰা হয়। বিহাৰৰ ৰাজধানী পাটনাৰ গান্ধী ময়দানত অনুষ্ঠানৰ আৰম্ভণিতে কৃষক নেতা সোণেশ্বৰ নৰহে কয় যে খাটিখোৱা মেহনতী জনতাৰ ওপৰত যুগ যুগ ধৰি চলি আছে ধাৰাবাহিক শোষণ।

ভোগসৰ্বস্ব সমাজ ব্যৱস্থাৰ বাবেই শোষণৰ বোজাত কোঙা হোৱা জনতাৰ মুক্তিৰ দাবীত বিভিন্ন সময়ত ওলাই অহা ৰাজনৈতিক নেতাই বিভিন্ন আশ্বাসেৰে চৰকাৰ গঠনৰ পাছত পুনৰ চলাই যায় পূৰ্বৰ দৰেই সৰ্ব সাধাৰণ ভোটদাতা জনগণৰ ওপৰত অত্যাচাৰ। কিন্তু, এই অত্যাচাৰ ৰোধ কৰাৰ হেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ বিভিন্নগৰাকী প্ৰতিনিধিয়ে বিভিন্ন সময়ত সজোৰে প্ৰতিবাদ কৰি আহিছে। যাৰ বাবেই হাতত কলম তুলি লোৱা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ এইসকল প্ৰতিনিধি সংবাদ মাধ্যমৰ লোকৰ কলম বন্ধ কৰিবৰ বাবে বিভিন্ন সময়ত চৰকাৰী ষড়যন্ত্ৰৰে কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে।

আনহাতে, খাটিখোৱা জনতাৰ বাবে প্ৰাণ দিয়া সাংবাদিক পৰাগ দাস-কমলা শইকীয়াৰ লগতে প্ৰহ্লাদ গোৱালা, গৌৰী লংকেশ্বৰ আদিকে ধৰি যি সকল সংবাদ মাধ্যমৰ প্ৰতিনিধিক চৰকাৰী ষড়যন্ত্ৰত হত্যা কৰা হ’ল তেওঁলোকৰ সোঁৱৰণত নাটক ‘ভইচ্ অৱ পে’ন’ উৎসৰ্গা কৰা হয়। নাটকখনিৰ যোগেদি বিপ্লৱ যে কেতিয়াও ধ্বংস হ’ব নোৱাৰে সেই সন্দৰ্ভত বলিষ্ঠভাৱে তুলি ধৰা হয়। জ্যেষ্ঠ শিল্পী অখিলেন্দ্ৰ মিশ্ৰই নাটকখনিৰ শেষত কয় যে সাংস্কৃতিক জাগৰণ নোহোৱা পৰ্যন্ত ৰাইজৰ মুক্তি কেতিয়াও সম্ভৱ নহয়।

অসমৰ নাটখনিৰ পাছতে গান্ধী ময়দানত পশ্চিমবংগ, কেৰেলা, বিহাৰৰ দলেও বিভিন্ন গণ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে। ইয়াৰ পাছতে ভাৰতীয় নাট্য কলা মন্দিৰৰ পি চি যোশী মঞ্চত অসমৰ দলে বিহু, ঝুমুৰ, মিচিং জনগোষ্ঠীয় বিহু আৰু গণ সংগীত পৰিৱেশন কৰে। ‘মুভমেণ্ট অৱ দ্য ড্ৰাম’ নামৰ অনুষ্ঠানৰ জৰিয়তে বিহাৰৰ ৰাজধানী পাটনাৰ গান্ধী ময়দানত ভাৰতীয় গণ নাট্য সংঘ, অসম ৰাজ্যিকৰ তৰফৰ পৰা প্ৰদৰ্শন কৰা ঢোল বাদনৰ এই অনুষ্ঠানত কেৰেলা, ভগলপুৰ, পশ্চিমবংগৰ শিল্পীৰ লগতে স্থানীয় ৰাইজে ঢোলৰ তালে তালে নৃত্য কৰে।

উল্লেখ্য যে ভাৰতীয় গণ নাট্য সংঘৰ হীৰক জয়ন্তী বৰ্ষ উপলক্ষে যোৱা ২৭ অক্টোবৰৰ পৰা বিহাৰৰ পাটনাত অনুষ্ঠিত হোৱা গণ সাংস্কৃতিক অনুষ্ঠানতে ভাৰতীয় গণ নাট্য সংঘ চমুকৈ আই পি টি এৰ অসম ৰাজ্যিকৰ তৰফৰ পৰা প্ৰদৰ্শন কৰা হয় ঢোল বাদন। আই পি টি এৰ অসমৰ হৈ প্ৰতিনিধিত্ব কৰি অনুষ্ঠানত ঢোলৰ ওজা ধনেশ্বৰ শইকীয়াই ঢোলৰ চাপৰৰ যোগেদি সাম্প্ৰতিক সমাজত সংস্কৃতিৰ নামত কি ধৰণে দুস্কৃতি চলে তাৰ ওপৰত অত্যন্ত সুন্দৰ ভাৱে ব্যাখ্যা আগবঢ়ায়।

অনুষ্ঠানত বিভিন্ন ৰাজ্যৰ পৰা অনুষ্ঠানত উপস্থিত হোৱা শিল্পীৰ দলৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি পাটনাৰ গান্ধী ময়দানৰ মুকলি আকাশৰ তলত অভূতপূৰ্ব পৰিৱেশৰ সূচনা কৰে। সংস্কৃতিয়েহে দুস্কৃতি নাইকিয়া কৰিব বুলি ঘোষণা কৰি উদ্যোক্তাসকলে অসমৰ ‘মুভমেণ্ট অৱ দ্য ড্ৰাম’ অনুষ্ঠানৰ ভূয়সী প্ৰশংসা কৰে।

ইপিনে, ভাৰতীয় গণ নাট্য সংঘৰ এই অনুষ্ঠানত অসমৰ হৈ প্ৰতিনিধিত্ব কৰা প্ৰমোদ ভূঞা, অসম ৰাজ্যিকৰ সম্পাদক বিপুল তালুকদাৰ আৰু সাংস্কৃতিক দলৰ মুখ্য আহ্বায়ক সোণেশ্বৰ নৰহ, ধ্ৰুৱজ্যোতি বৰাৰ নেতৃত্বত অসমৰ পৰা ৮০ জনীয়া সাংস্কৃতিক বাহিনীৰ অনুষ্ঠান বৃহস্পতিবাৰে সামৰণি পৰিব বুলি জনাইছে উদ্যোক্তাসকলে।

The post সংবাদ মাধ্যমৰ স্বাধীনতা খৰ্ব, সাম্ৰাজ্যবাদী আগ্ৰাসনৰ বিৰুদ্ধে পাটনাৰ ৰাজপথত ‘ভইচ অৱ পে’ন’ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yI800J
via IFTTT

Comments