গুজাৰটত বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি উন্মোচনৰ বাবে উপস্থিত প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত উন্মোচন কৰিব বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি ষ্টেছু অৱ ইউনিটি। ৰাষ্ট্ৰীয় একটা দিৱসৰ লগত সংগতি ৰাখি এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে গুজৰাটত।

উল্লেখ্য যে লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩সংখ্যক জন্মজয়ন্তীত ষ্টেছু অৱ ইউনিটি ৰাষ্ট্ৰলৈ সমৰ্পণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীজনে।এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নৰেন্দ্ৰ মোডী মঙলবাৰে নিশাই আহমেদাবাদত উপস্থিত হয়।

তেওঁ কিছুসময়ৰ পাছতে ষ্টেছু অৱ ইউনিটি উন্মোচন কৰিব। গুজৰাটত নৰ্মদা নদীৰ পাৰত স্থাপিত এই ষ্টেছু অৱ ইউনিটিৰ উচ্চতা আমেৰিকাৰ ষ্টেছু অৱ ইউনিটিতকৈ দুগুণ বুলি জানিব পৰা গৈছে। এই অনুযায়ী বহুলোকৰ সমাগম দেখিবলৈ পোৱা গৈছে উক্ত অনুষ্ঠানত।

জানিবলৈ পোৱা অনুসৰি ১৮২ মিটাৰ ওখ এই ষ্টেছু অৱ ইউনিটি। ইতিমধ্যে এই অনুষ্ঠানত ভাগ ল’বলৈ নৰেন্দ্ৰ মোদী অনুষ্ঠানস্থলীত উপস্থিত হৈছেগৈ বুলি জানিবা পৰা গৈছে।

The post গুজাৰটত বল্লভ ভাই পেটেলৰ প্ৰতিমূৰ্তি উন্মোচনৰ বাবে উপস্থিত প্ৰধানমন্ত্ৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qk5t8k
via IFTTT

Comments