ভাইৰেল ফেচবুক পোষ্টঃ ঋষি কাপুৰ বৰ্তমান কেন্সাৰমুক্ত…

ডিজিটেল ডেস্কঃ বলিউদৰ অভিনেতা ঋষি কাপুৰ নিউয়ৰ্কত চিকিৎসাধীন হৈ আছে। অভিনেতাগৰাকীৰ বেমাৰ সন্দৰ্ভত বলিউদৰ পৰিচালক ৰাহুল ৰাৱেলে এটা ফেচবুক পোষ্ট কৰে। যিটো পোষ্ট আপলোড কৰাৰ পাছতেই ভাইৰেল হৈ পৰে। ‘অঞ্জাম’, ‘বেতাব’, ‘অৰ্জুন’ৰ দৰে ছুপাৰহীট ছবি নিৰ্মাণ কৰা ৰাহুল ৰাৱেলে অভিনেতা ঋষি কাপুৰৰ সৈতে এখন ফটো আপলোড কৰি লিখিছে- ‘ঋষি কাপুৰ বৰ্তমান কেন্সাৰমুক্ত।’

RISHI KAPOOR (CHINTU) is CANCER FREE!!!!🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

Rahul Rawail ಅವರಿಂದ ಈ ದಿನದಂದು ಪೋಸ್ಟ್ ಮಾಡಲಾಗಿದೆ ಸೋಮವಾರ, ಏಪ್ರಿಲ್ 29, 2019

তাৰপাছতেই ৰাৱেলে কৰা এই পোষ্টটো ভাইৰেল হৈ পৰে। ঋষি কাপুৰৰ স্বাস্থ্যৰ বিষয়ে কৰা এই পোষ্টটো লাভ কৰাৰ পাছত তেওঁৰ অনুগামী সকল সুখী হৈছে। ৬৬ বছৰীয়া ঋষি কাপুৰ বৰ্তমানো নিউয়ৰ্কতেই আছে। অভিনেতাগৰাকীৰ ভাতৃ ৰণধীৰ কাপুৰে জনায় যে- তেওঁ অতি শীঘ্ৰেই ভাৰতলৈ ঘূৰি আহিব। তেওঁ আৰু কিছু সময় চিকিৎসাধীন থাকিব কাৰণ তেওঁৰ চিকিৎসা সম্পূৰ্ণ হোৱা নাই।

The post ভাইৰেল ফেচবুক পোষ্টঃ ঋষি কাপুৰ বৰ্তমান কেন্সাৰমুক্ত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Y2tlfR
via IFTTT

Comments