অসমত আন্তৰ্জাতিক চাইক্লিং ইভেন্ট ৩০০ বিআৰএমৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটীঃ বৰ্তমান বিশ্বত চাইকেলিষ্ট সকলৰ মাজত জনপ্ৰিয় হৈ পৰা বি আৰ এম ইভেন্ট অসমতো আয়োজিত হৈছে। এডাস্ক ইন্টাৰনেচনেল নামৰ ফ্ৰান্সৰ সংগঠনটোৱে আয়োজন কৰা এই ইভেন্ট গুৱাহাটীত অনুষ্ঠিত হয় গুৱাহাটী ৰাণডনেৱাছ নামৰ সংগঠনটোৰ উদ্যোগত। দেওবাৰে আয়োজিত এই ৩০০ বি আৰ এমত মুঠ ৩২ গৰাকী চাইকেলিষ্টে অংশ লৈছিল আৰু ২৯ গৰাকীয়ে সম্পূৰ্ণ দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হয়।
এইবাৰৰ ৩০০ বি আৰ এমত অভিযাত্ৰী সকলে গুৱাহাটীৰ পৰা নগাঁও জিলাৰ আকাশী গংগা হৈ তাৰ পৰা গুৱাহাটীলৈ মুঠ ৩১০ কিলোমিটাৰ পথ চাইকেলেৰে অতিক্ৰম কৰে। এই দূৰত্ব সম্পূৰ্ণ কৰাৰ বাবে ২০ ঘন্টা নিৰ্ধাৰণ কৰা হৈছিল। পুৱা ৫.৩০ বজাত আৰম্ভ হোৱা এই যাত্ৰা মাজ নিশা ১.৩০ বজাৰ ভিতৰত সফল চাইকেলিষ্ট সকলে সম্পূৰ্ণ কৰে।
ৰাণডনেৱাছ অৰ্থাৎ দীর্ঘ দূৰত্বৰ চাইকেলিং সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে, যাৰ প্ৰভাৱ অসমতো পৰিছে। বি আৰ এমৰ অসমত আয়োজক গুৱাহাটী ৰাণডনেৱাছৰ বিষয়ববীয়া সুপুৰাজ গগৈয়ে জনোৱা মতে ৰাণডনেৱাছিং ইভেন্ট অসমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। ইয়াৰ পূৰ্বেও এই সংগঠনে গুৱাহাটীত আয়োজন কৰা ২০০ আৰু ৩০০ বি আৰ এমত সঁহাৰি যথেষ্ট উৎসাহজনক আছিল।
The post অসমত আন্তৰ্জাতিক চাইক্লিং ইভেন্ট ৩০০ বিআৰএমৰ আয়োজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2J3130i
via IFTTT
Comments
Post a Comment