দিল্স লক্ষ্মীন্দ্ৰ সিংহৰ গল্প সংকলন ‘মুনি থপ্পা’, ৰুণু দাসৰ কাব্য সংকলন ‘নিৰিবিলিত নিয়ৰৰ টোপাল’ উন্মোচন

আন সকলোৰে মৃত্যু আছে, শব্দৰ নাই : কনকসেন ডেকা

মহানগৰ প্ৰতিবেদক, ২৮ এপ্ৰিল ঃ
সাহিত্যিক দিল্স লক্ষ্মীন্দ্ৰ সিংহৰ বিষু্ণপ্ৰিয়া মণিপুৰী ভাষাৰ গল্প সংকলন ‘মুনি থপ্পা’ আৰু কবি ৰুণু দাসৰ কাব্য সংকলন ‘নিৰিবিলিত নিয়ৰৰ টোপাল’ দেওবাৰে আনুষ্ঠানিকভাৱে উন্মোচন হয়। দিছপুৰ প্ৰেছ ক্লাবত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই দুয়োখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰবীণ সাংবাদিক তথা সাহিত্যিক কনকসেন ডেকা আৰু চিন্তাবিদ ভৱানী প্ৰসাদ অধিকাৰীয়ে। আনহাতে উন্মোচনী অনুষ্ঠানত তেওঁলোকৰ উপৰি উপস্থিত থাকে ‘দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক তথা জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰ, আৰক্ষী বিষয়া মুকুল শইকীয়া, সাংবাদিক ড০ ভৱেশ দাসৰ লগতে আন বহুজন। এই দুয়োখন গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰি প্ৰবীণ সাংবাদিক কনকসেন ডেকাই ভাষণ প্ৰসংগত কয়– ‘আন সকলোৰে মৃত্যু আছে যদিও শব্দৰ নাই, শব্দৰ কেতিয়াও মৃত্যু নহয়।’ তেওঁ আৰু কয়– ইণ্টাৰনেটত গ্ৰন্থ উপলব্ধ হৈছে যদিও প্ৰকাশিত গ্ৰন্থৰ মোহ এতিয়াও ম্লান হোৱা নাই। গ্ৰন্থৰ মোহ-আকৰ্ষণ কেতিয়াও হেৰাই নাযায় বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ প্ৰমাণ স্বৰূপে দৈনিক বহু গ্ৰন্থ প্ৰকাশ হৈ অহাটো।

ইণ্টাৰনেটৰ যুগতো বাতৰিকাকত পঢ়াৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধিহে পাবলৈ ধৰিছে। ইণ্টাৰনেটৰ যুগত বাতৰিকাকতসমূহ অচল হৈ যোৱা নাই। তাৰ পৰিৱৰ্তে কাকতসমূহৰ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধিহে পাবলৈ ধৰিছে। তেওঁ কয়– অসম চৰকাৰে প্ৰকাশন গোষ্ঠীটোক বন্ধ কৰিবলৈ উঠি-পৰি লাগিছে। বিনামূলীয়া পাঠ্যপুথি বিতৰণ কৰি অসম চৰকাৰে ৰাজ্যৰ প্ৰকাশন গোষ্ঠীসমূহ বন্ধ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে চৰকাৰে বিনামূলীয়া পাঠ্যপুথিৰ পৰিৱৰ্তে জলপানি প্ৰদান কৰিব পাৰে। তেওঁ কয় যে বিশ্বৰ বহু দেশত গ্ৰন্থ প্ৰকাশ কৰাটো মূল ব্যৱসায় হৈ অহাৰ বিপৰীতে ৰাজ্যত এই গোষ্ঠীটোক বন্ধ কৰাৰ বাবে চৰকাৰখেন উঠিপৰি লাগিছে বুলি আক্ষেপ প্ৰকাশ কৰে।

আনহাতে চিন্তাবিদ ভৱানী প্ৰসাদ অধিকাৰীয়ে ভাষণ প্ৰসংগত কয় যে সাহিত্যৰ আটাইতকৈ কঠিন কামটোৱে হৈছে কবিতা লিখা। কবিতা লিখিবলৈ যথেষ্ট অধ্যয়নৰ প্ৰয়োজন বুলি উল্লেখ কৰে চিন্তাবিদগৰাকীয়ে। আনহাতে জ্যেষ্ঠ সাংবাদিক ছাহজাহান তালুকদাৰে ভাষণ প্ৰসংগত কয় যে প্ৰকাশিত গ্ৰন্থসমূহ পাঠক সমাজে আন্তৰিকতাৰে গ্ৰহণ কৰিব লাগে। যদিহে প্ৰকাশিত গ্ৰন্থসমূহ পাঠক সমাজে গ্ৰহণ নকৰে, তেন্তে লেখকগৰাকীৰ কষ্ট অথলে যায়। সেইবাবে পাঠক সমাজক গ্ৰন্থ ক্ৰয় কৰি পঢ়িবলৈ আহবান জনায় ছাহজাহান তালুকদাৰে। মন কৰিবলগীয়া যে এই দুয়োখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে পৰাগজ্যোতি প্ৰকাশনে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post দিল্স লক্ষ্মীন্দ্ৰ সিংহৰ গল্প সংকলন ‘মুনি থপ্পা’, ৰুণু দাসৰ কাব্য সংকলন ‘নিৰিবিলিত নিয়ৰৰ টোপাল’ উন্মোচন appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2WdCzoS
via IFTTT

Comments