সাগৰৰ মাজত ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ দলে উদ্ধাৰ কৰে দুৰ্বল প্ৰজাতিৰ কাছ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ এটা দলে ২৪ এপ্ৰিলত ভাৰত আৰু পাকিস্তানৰ সাগৰীয় সীমান্তত চলোৱা এক উদ্ধাৰ অভিযানৰ ভিডিঅ’ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ কৰা হৈছে। ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ দলটোৱে অভিযানকালত এটা অতি দুৰ্বল প্ৰজাতিৰ অ’লিভ ৰিডলী কাছ উদ্ধাৰ কৰে।

সাগৰৰ মাজত কাছটো এখন জালত ফঁচী থকা পৰিলক্ষিত কৰে দলটোৱে। তাৰপাছত কাছটোক জালখনৰ পৰা উদ্ধাৰ কৰা হয়। কাছটো অৱশেষত আৰৱ সাগৰত এৰি দিয়ে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ দলটোৱে। ইয়াৰ পৰা বুজিব পাৰি যে, জীৱশ্ৰেষ্ঠ মানুহৰ জাৱৰ-আৱৰ্জনাবোৰৰ ফলত জীৱ-জন্তুবোৰ প্ৰায়ে অসুবিধাৰ সন্মুখীন হয়। লাগিলে সেয়া মাটিতেই হওঁক বা সাগৰতেই হওঁক। চাওঁক সেই ভিডিঅ’-

 

The post সাগৰৰ মাজত ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ দলে উদ্ধাৰ কৰে দুৰ্বল প্ৰজাতিৰ কাছ, চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XQBL9V
via IFTTT

Comments