ধুবুৰী মেদেৰটাৰী দুৰ্ঘটনাৰ ৭ বছৰঃ প্ৰশাসনে আজিও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ফেৰী চালকৰ ময়মতালি

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ ৩০ এপ্ৰিল ২০১২ চন। আজিৰ এই দিনটো বিশেষকৈ ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু গোৱালপাৰা জিলাৰ বাবে আছিল এক অভিশপ্ত দিন। সময় তেতিয়া বিয়লি ৫ বাজি ১৮ মিনিট। ব্ৰহ্মপুত্ৰ নদীত হঠাৎ পশ্চিম দিশৰ পৰা উঠি আহিছিল কাল ধুমুহা। প্ৰায় এক মিনিটৰ ভিতৰত ধুবুৰীৰ পৰা মেদেৰটাৰীলৈ অহা ফেৰী খন ধুমুহাৰ কবলত পৰি এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছিল। এই দুৰ্ঘটনাত নিহত হয় তিনিওখন জিলাৰ অৰ্ধশতাধিক লোক। আজি এই অভিশপ্ত দিনটোৰ ৭ বছৰৰত ভৰি দিলে। যাত্ৰীবাহী ফেৰীত গেলা-মাল সামগ্ৰীকে ধৰি ভিন্ন সামগ্ৰী কঢ়িওয়া হয়।
যাত্ৰীবাহী ফেৰীত মাল নিয়াৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছিল। ফলত যাত্ৰীবাহী ফেৰী সমূহ নিয়ন্ত্ৰণৰ বাবে জিলা প্ৰশাসনে বিভিন্ন ব্যৱস্থা লৈছিল। সেই সময়ত অসম তথা কেন্দ্ৰত আছিল কংগ্ৰেছৰ শাসন। কেৱল মুখ্যমন্ত্ৰীয়ে নহয় ৰাহুল গান্ধী ছোনিয়া গান্ধীও আহিছিল এই মেদেৰটাৰীৰ দুর্ঘটনাস্থলীত। যাত্ৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে প্ৰায় ৬-৭ মাহ জিলা প্ৰশাসনে ফেৰী সমূহ চলাচল কৰাৰ ক্ষেত্ৰত যথেষ্ট খিনি নিয়ন্ত্ৰণলৈ আনিছিল। কিন্তু দুৰ্ঘটনাৰ এটা বছৰ পাৰ নহওতেই আকৌ ফেৰী সমূহ আগৰ দৰে চলাচল কৰিবলৈ আৰম্ভ কৰে।
আজি সাত বছৰত অতিক্ৰম কৰি আঠ বছৰত ভৰি দিলে সেই অভিশপ্ত দিনটো। কিন্তু আজিও অতি কষ্টৰে যাত্ৰী সকলে দক্ষিণ পাৰৰ পৰা ধুবুৰীলৈ যাতায়ত কৰিবলগা হয়। দক্ষিণ পাৰৰ বিশেষকৈ দক্ষিণ শালমাৰা মানকাচৰ আৰু গোৱালপাৰা জিলাৰ পৰা প্ৰায় কুৰি খনতকৈ অধিক ফেৰী ধুবুৰীলৈ যাতায়ত কৰে। দৈনিক ধুবুৰীলৈ আহ যাহ কৰা এই সমূহ ফেৰীত যাত্ৰীৰ সমানে সমানে নিয়া হয় মাল সামগ্ৰী। যাত্ৰীৰ লাগিলে যিমানেই কষ্ট নহওঁক কিয় ফেৰী কৰ্তৃপক্ষই যাত্ৰীৰ প্ৰতি সামান্যতম গুৰুত্ব দিয়াতো দুৰৰে কথা কোনোবা যাত্ৰীয়ে অসুবিধা হোৱা বুলি ফেৰী কৰ্তৃপক্ষক অৱগত কৰিলে ওলোটা যাত্ৰী সকলে গালি গলাজৰ সম্মুখীনহে হবলগা হয়। যাত্ৰীবাহী ফেৰীত মাল সামগ্ৰী কঢ়িওয়াক কৈ প্ৰায় প্ৰতিদিনে যাত্ৰী আৰু ফেৰী কৰ্মচাৰীৰ সৈতে তৰ্কতৰ্কি হয় যদিও জিলা প্ৰশাসনে এনে বিষয়ৰ প্ৰতি সামান্য পৰিমানেও গুৰুত্ব নিদিয়ে।
ইফালে ধুবুৰী ফুলবাৰী দলং নিৰ্মাণক লৈ কংগ্ৰেছ, বিজেপি তথা এ আই ইউ ডি এফৰ নেতা সকলে বিগত দিনবোৰত কেৱল ৰাজনীতি কৰি আহিছে। দলং খন নিৰ্মাণ হলে যাত্ৰী সকলে ফেৰীৰে চলাচল কৰাৰ পৰা ৰক্ষা পৰিব। ফলত যাত্ৰী সকলে দলঙৰ ওপৰেদি যাতায়ত খৰছৰ সুবিধা লাভ কৰিব। বৰ্তমানে দক্ষিণ পাৰৰ পৰা বিশেষকৈ সুখচৰৰ পৰা ধুবুৰীলৈ যোৱাৰ বাবে ফেৰীত সময় লাগে প্ৰায় ৬ ঘন্টা। একেদৰে টুমনি, ফুলবাৰী, ফকিৰগঞ্জ , আদি অঞ্চলৰ পৰা তিনি চাৰি ঘণ্টা সময় নদীৰে যাব লগা হয়। আনহাতে মেদেৰটাৰী পৰা ধুবুৰীলৈ যাতায়ত কৰিবলৈ হলে ফেৰীত প্ৰায় ৫ ঘণ্টা সময় লাগে। এনেক্ষেত্ৰত ধুবুৰী ফুলবাৰী দলঙখন নিৰ্মা হলে অতি কম সময়ৰ ভিতৰত ৰাইজে ধুবুৰীলৈ যাতায়ত কৰিব পাৰিব। সেই বাবে ৰাইজে এই দলং খন সোনকালে নিৰ্মাণ কৰিবলৈ অনুৰোধ জনাইছে।
The post ধুবুৰী মেদেৰটাৰী দুৰ্ঘটনাৰ ৭ বছৰঃ প্ৰশাসনে আজিও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে ফেৰী চালকৰ ময়মতালি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XXcVVP
via IFTTT
Comments
Post a Comment