খ্ৰাইষ্টচাৰ্চত বোমাতংক বিয়পোৱা লোকক গ্ৰেপ্তাৰ
নিউজিলেণ্ড, ৩০ এিপ্ৰল ঃ নিউজিলেণ্ডৰ খ্ৰাইষ্টচাৰ্চত এজন বন্দুকধাৰীয়ে যোৱা মাহত দুটা মছজিদত গুলী বৰ্ষণ কৰি কমেও ৫০জন লোকক হত্যা কৰাৰ পিছত আজি চহৰখনত বোমাতংক বিয়পি পৰে। আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত কৰি এজন লোকক গ্ৰেপ্তাৰ কৰিছে। নিউজিলেণ্ডৰ ছাউথ আইলেণ্ড অঞ্চলত অভিযান চলাই বোমাতংক বিয়পি পৰা অঞ্চলত উপস্থিত হয় আৰু ৩৩ বছৰ বয়সীয়া এজন লোকক গ্ৰেপ্তাৰ কৰে। তেওঁ চহৰখনত পুনৰ বোমা বিস্ফোৰণ হ’ব বুলি বাতৰি প্ৰচাৰ কৰিছিল। আনহাতে ছাউথ আইলেণ্ডৰ আকাশ মাৰ্গেৰে বিমানৰ যাতায়াত নিষিদ্ধ কৰি দিয়া হৈছে। নিউজিলেণ্ডৰ স্থানীয় সংবাদ মাধ্যমৰ মতে বোমা বিস্ফোৰণ সম্পৰ্কে প্ৰচাৰিত বাতৰিৰ সত্যতা আছে। উল্লেখ্য যে ১৫ মাৰ্চত দেশখনৰ খ্ৰাইষ্টচাৰ্চ চহৰত থকা আল-নুৰ আৰু লিনউদ মছজিদত আক্ৰমণ চলাই এজন লোকে কমেও ৫০জনক হত্যা কৰাৰ লগতে শতাধিকক আহত কৰিছিল। এই ঘটনাৰ বাবে ২৮বছৰীয়া এজন অষ্ট্ৰেলিয়ান নাগৰিকক আটক কৰা হৈছে। উগ্ৰ শ্বেতাংগবাদী উক্ত লোকজনক নিউজিলেণ্ড চৰকাৰে গণ হত্যাৰ অপৰাধত অপৰাধী সাব্যস্ত কৰিছে।
The post খ্ৰাইষ্টচাৰ্চত বোমাতংক বিয়পোৱা লোকক গ্ৰেপ্তাৰ appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2vvjKSs
via IFTTT
Comments
Post a Comment