মোদীৰ বিৰুদ্ধে বাৰানসীত প্ৰতিদ্বন্দ্বিতা আগবাঢ়িবলৈ ওলোৱা তেজ বাহাদুৰক সমাজবাদী-মিত্ৰজোঁটৰ টিকট
লক্ষ্ণৌ : বাৰাণসী লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ওলাই অহা প্ৰাক্তন বিএছএফ জোৱান তেজ বাহাদুৰ যাদৱক সমাজবাদী-মিত্ৰজোঁটে এইবাৰৰ সাধাৰণ নিৰ্বাচনত টিকট প্ৰদান কৰিছে। প্ৰাক্তন বিএছএফ জোৱানগৰাকীয়ে প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বাৰাণসীত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাই আহিছিল যদিও তেওঁক সমাজবাদী-মিত্ৰজোঁট পাৰ্টীয়ে টিকট প্ৰদান কৰিছে। এই কথা আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সমাজবাদী-মিত্ৰজোঁট পাৰ্টীয়ে। লোকসভা নিৰ্বাচনত চতুৰ্থ পৰ্যায়ত ভোটদান অনুষ্ঠিত হৈ যোৱাৰ পিছতে পৰৱৰ্তী পৰ্যায়কেইটাৰ বাবে বিশেষ তৎপৰতা বহন কৰিছে সমাজবাদী-বহুজন সমাজ পাৰ্টী মিত্ৰজোঁট পাৰ্টীয়ে।
এই মিত্ৰজোঁট পাৰ্টীয়ে বাৰাণসী লোকসভা সমষ্টিত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰাক্তন বিএছএফ জোৱান তেজ বাহাদুৰক মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ টিকট প্ৰদান কৰিছে। প্ৰথমে বাৰাণসী লোকসভা সমষ্টিত এই মিত্ৰজোঁটে শালিনী যাদৱক টিকট প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও সেই সিদ্ধান্তৰ পৰা আঁতৰি তেজ বাহাদুৰক টিকট প্ৰদান কৰিছে। এতিয়া শালিনী যাদৱৰ স্থানত তেজ বাহাদুৰ যাদৱে বাৰাণসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। মন কৰিবলগীয়া যে তেজ বাহাদুৰ যাদৱে বিএছএফত কৰ্তব্যৰত অৱস্থাত নিম্নমানৰ খাদ্য যোগানক লৈ এটা ভিডিঅ’ সম্প্ৰচাৰ কৰি দেশজুৰি তোলপাৰ লগাইছিল। তাৰ পিছতেই এইগৰাকী জোৱানক চাকৰিৰ পৰা বৰ্খাস্ত কৰে।
The post মোদীৰ বিৰুদ্ধে বাৰানসীত প্ৰতিদ্বন্দ্বিতা আগবাঢ়িবলৈ ওলোৱা তেজ বাহাদুৰক সমাজবাদী-মিত্ৰজোঁটৰ টিকট appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2vslb3V
via IFTTT
Comments
Post a Comment