টাইট ফিটিং আৰু অশোভনীয় পোছাক নিষিদ্ধ, ক’ত? জানিবলৈ পঢ়ক…

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা চিকিৎসা প্ৰতিষ্ঠানত শিক্ষক, বিষয়া-কৰ্মচাৰীয়ে পৰিধান কৰিব নোৱাৰিব টাইট ফিটিং আৰু অশোভনীয় পোছাক। যোৱা ২৬ এপ্ৰিলত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটী অৱ হেল্থ চায়েন্সৰ উপাচাৰ্য্য ড০ দীপিকা ডেকাই এক জাননীযোগে জাৰি কৰিছে এই নিৰ্দেশনা। উল্লেখযোগ্য যে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু শিলচৰ চিকিৎসা মহাবিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰচিটীৰ অধীনত আছে।
এই নিৰ্দেশনাত চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত এক সুস্থ বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে অশোভনীয় কাপোৰ পিন্ধাৰ ক্ষেত্ৰত নিষেধাজ্ঞা অনা বুলি জাননীৰ প্ৰথমতে উল্লেখ কৰিছে উপাচাৰ্য্যগৰাকীয়ে। লগতে কোৱা হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে শিক্ষকৰ সু-সম্পৰ্ক বজাই ৰাখিবৰ বাবে সাজ-পোছাকৰ ক্ষেত্ৰত অনা হৈছে এই নিষেধাজ্ঞা।
উপাচাৰ্য্যগৰাকীয়ে জাৰি কৰা এই নিৰ্দেশনা অনুসৰি, বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ কৰা হৈছে ১৬ বিধ কাপোৰ। তাৰ ভিতৰত পাৰ্টি অথবা বনভোজ খাবলৈ পিন্ধি যোৱা কাপোৰ, টি-চাৰ্ট, টাইট ফিটিং, অশোভনীয় কাপোৰ(মাইক্ৰ’ মিনিছ, গ’জী, ফ্লিমছি, ট্ৰাইপাৰেন্ট, লেগিংছ, ব্যায়াম কৰোঁতে পিন্ধা টাইট কাপোৰ, চুটী কাপোৰ, পুৰুষে পিন্ধা চেণ্ডেল) আৰু অধিক মূল্যৰ আ-অলংকাৰ পৰিধান কৰাৰ ক্ষেত্ৰতো প্ৰদান কৰা হৈছে এই নিষেধাজ্ঞা।
জাননীখনত উল্লেখ কৰা মতে, ধৰ্মীয় ৰীতি-নীতি, প্ৰতিবন্ধী আৰু অন্যান্য পৰিস্থিতিৰ বাবে কেইবিধমান নিৰ্দিষ্ট সাজ-পোছাকক তালিকাৰ পৰা বাদ দিয়া হৈছে। ‘ড্ৰেছ কোড’ ভংগকাৰীসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব শাস্তিমূলক ব্যৱস্থা লোৱা হব বুলিও জাননীখনত উল্লেখ আছে।
The post টাইট ফিটিং আৰু অশোভনীয় পোছাক নিষিদ্ধ, ক’ত? জানিবলৈ পঢ়ক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UP3Igf
via IFTTT
Comments
Post a Comment