ভঙাগড়ত বনকৰ্মীৰ ভেটা পাই উত্তেজিত গজৰাজ আগবাঢ়িল পুনৰ গনেশগুৰিৰ অভিমুখে

- ভঙাগড়ত বন্যহস্তীটোক ট্ৰাংকুলাইজ কৰিবলৈ চেষ্টা কৰিছিল বন বিবাগে।
- পিছে সংজ্ঞাহীন কৰাত ব্যৰ্থ হয় বন বিভাগ।
- ইফালে ট্ৰাংকুলাইজৰ আঘাতৰ পিছতে অস্থিৰ হৈ পৰাত হাতীটো পুনৰ যাত্ৰা কৰিছে গনেশগুৰিৰ দিশে।
- উত্তেজিত হাতীটোৱে এখন টেম্পু ভঙাৰ উপৰিও মাজে মাজে দুয়োফালে অস্থিৰভাৱে বিচৰণ কৰাত হুৱা দুৱাৰ সৃষ্টি হৈছে।
- কিন্তু নিশা হোৱাৰ পূৰ্বে ট্ৰাংকুলাইজ কৰি অচেতন কৰিব নোৱাৰিলে পৰিস্থিতি ভয়ংকৰ হৈ উঠাৰ আশংকা আছে।
- মাজে মাজে হাতীটোৱে বনকৰ্মী আৰু দৰ্শকৰ দিশে চোচা লৈছে যদিও সৌভাগ্যক্ৰমে বৰ্তমানলৈকে কোনো লোক হতাহত হোৱা নাই।
The post ভঙাগড়ত বনকৰ্মীৰ ভেটা পাই উত্তেজিত গজৰাজ আগবাঢ়িল পুনৰ গনেশগুৰিৰ অভিমুখে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ZKHakC
via IFTTT
Comments
Post a Comment