ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ব্যাপক তৎপৰতা, ফাটবিহুক লৈ উখল মাখল ঢকুৱাখনা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সংস্কৃতিৰ বৰ ঘৰত যদি ঢকুৱাখনা নামৰ সৰু ঠাই খনে স্থান পাইছে সেইয়া নিঃসন্দেহে ইয়াত যুগ যুগ ধৰি উদযাপন কৰি অহা ফাটবিহুৰ বাবে। কাৰণ সমগ্ৰ ঢকুৱাখনাবাসীৰ প্ৰাণৰ স্পন্দন তথা স্বাভিমানৰ প্ৰতীক হ’ল ফাটবিহু। ঢকুৱাখনাৰ আয়ুসৰেখা স্বৰূপ চাৰিকৰীয়া নদীৰ পাৰৰ ম’হঘুলি চাপৰিৰ মনোমোহা পৰিৱেশত পূৰ্বৰ বছৰ সমূহৰ দৰে এইবাৰো তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ফাটবিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে ঢকুৱাখনাবাসীয়ে। অহা ১০ৰ পৰা ১২ মে’লৈ আয়োজন কৰা এই বিহু মহোৎসৱৰ বাবেই উদযাপন সমিতিয়ে ইতিমধ্যে একৈশ খনকৈ উপ সমিতি গঠন কৰি দিন ৰাতি একাকাৰ কৰি বিহুৰ প্ৰস্তুতি চলাইছে।
অসমীয়া সমাজ জীৱনত ইতিমধ্যে সুকীয়া স্থান দখল কৰা নিভাঁজ এই বিহুখনৰ বাবে এইবাৰো ৰাজ্যখনৰ বিভিন্নক্ষেত্ৰৰ বৰেণ্য ব্যক্তি সকলক আমন্ত্ৰণ জনাইছে উদযাপন সমিতিয়ে। উদযাপন সমিতিৰ ফালৰ পৰা ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণক জনোৱা মতে, ফাটবিহুৰ মুকলি সভাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট লোক সংস্কৃতিৰ গৱেষক তথা সাহিত্যিক ৰত্ন ওজা আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কৃষ্ণকান্ত গগৈ। তৃতীয় দিনৰ এই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব প্ৰবীণ বিহু বিশেষজ্ঞ মুক্তিনাথ বৰগোঁহাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সক্ৰিয় ৰাজহুৱা কর্মী তথা শিক্ষাবিদ দেৱেন দত্ত আৰু খ্যাতনামা চলচ্চিত্ৰ পৰিচালক ৰীমা দাস।
মুকলি সভাখন উদ্বোধন কৰিব বিশিষ্ট গল্পকাৰ তথা জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীয়ে। অন্তিম দিনৰ কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ হিচাপে পৰিচিত হৈ অহা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এইবাৰ উদ্বোধন কৰিব মোহময়ী অভিনেত্ৰী ৰিম্পী দাসে। ইফালে দ্বিতীয় দিনা ফাটবিহুৰ মুখপত্ৰ ‘বিহুৱান’ উন্মোচন কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজশাস্ত্ৰ বিভাগৰ অধ্যাপক ডঃ জ্যোতিপ্ৰসাদ শইকীয়াই। আনহাতে ফাটবিহুৰ অন্যতম আকৰ্ষণ মুকলি বিহু উদ্বোধন কৰিব কোকৰাঝাৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভাই।
এই তিনিওদিনত অনুষ্ঠিত হ’ব লগা বিভিন্ন প্ৰতিযোগিতাৰ শুভ উন্মোচক হিচাপে উপস্থিত থাকিব ডঃ ভূপেন কামান, ডঃ পূৰবী দুৱৰা, পবিত্ৰ মেধি, নীলাক্ষী দিহিঙীয়া দাসকে ধৰি বহু কেইগৰাকী বিশিষ্ট অতিথি। উদযাপন সমিতিয়ে লগতে মহোৎসৱৰ টকা বিহু, চেমনীয়া বিহু, পূৰ্ণবয়স্ক বিহু, মুকলি বিহু, গামোচা প্ৰতিযোগিতা, হুঁচৰি প্ৰতিযোগিতা আদিত ভাগ লবৰ বাবে সকলো জাতি জনগোষ্ঠীক আহ্বান জনাইছে। ইফালে ঢকুৱাখনাৰ ফাটবিহু মানেই ঢকুৱাখনাৰ মুগাশিল্পই লাভ কৰে এক সুকীয়া পৰিচয়। কাৰণ ঢকুৱাখনাৰ প্ৰতিজনী জীয়ৰী বোৱাৰীয়ে এই বিহুলৈ নিজে প্ৰস্তুত কৰা মুগাৰ মেখেলা চাদৰ পিন্ধি অহাই নহয় ঘৰৰ ডেকা বুঢ়া সকলোৱে পৰিধান কৰি আহে মুগাৰ সাজ পাৰ।
ৰাজ্যখনৰ ভিতৰতে সুকীয়া পৰিচয় দাঙি ধৰা ঢকুৱাখনাৰ ফাটবিহুত অংশগ্ৰহণ কৰা বিশিষ্ট অতিথি সকলেও জাতীয় সাজপাৰ পিন্ধিহে ফাটবিহুৰ কায্যসূচীত অংশগ্ৰহণ কৰিব পাৰে। এইদৰেই আচলতে ঢকুৱাখনাবাসীৰ স্বাভিমানৰ প্ৰতীক ফাটবিহুৰ জৰিয়তে ঢকুৱাখনাৰ সোণালী মুগা শিল্পই লাভ কৰিছে নিজৰ পৰিচয়। প্ৰায় পোন্ধৰ লাখ টকা বাজেট ধাৰ্য কৰি আয়োজন কৰা এই ঐতিয্যমণ্ডিত বিহুখনলৈ উদযাপন সমিতিৰ সম্পাদক হিতেশ ফুকন আৰু সভাপতি মণিকা পাতিৰে সকলো ৰাইজকে সহায় সহযোগ কৰিবলৈ আহ্বান জনাইছে।
The post ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত ব্যাপক তৎপৰতা, ফাটবিহুক লৈ উখল মাখল ঢকুৱাখনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2ULq429
via IFTTT
Comments
Post a Comment