বেলশৰত কাব্যকানন কবিতা সভা, অসমৰ অধিৱেশন সম্পন্ন…

ডিজিটেল সংবাদ, বেলশৰঃ নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয় প্ৰাংগণত সোমবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কাব্যকানন কবিতা সভা, অসমৰ দ্বিতীয় বৰ্ষৰ তৃতীয় ত্ৰৈমাসিক অধিৱেশনখন অনুষ্ঠিত হয় । এই উপলক্ষে দিনৰ প্ৰায় ১১ বজাত নলবাৰী জিলা সাহিত্য সভাৰ উপ-সভাপতি, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাই মুকলি অধিৱেশনখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।

নাট্যকাৰ শৰ্মাই উদ্ধোধনী ভাষণ প্ৰসংগত কয় যে ‘অসমীয়া কাব্য সাহিত্য মাধৱ কন্দলি, হেম সৰস্বতীৰ দিনৰ পৰাই চহকী আৰু বৈচিত্ৰপূৰ্ণ । শংকৰদেৱ , মাধৱদেৱ আৰু ৰাম সৰস্বতীৰ যুগজয়ী সৃষ্টিৰাজিয়ে তাক সুবৰ্ণ প্ৰলেপৰে মহিমামণ্ডিত কৰি তূলিছে । মন্ময় আৰু তন্ময় এই দুই ধৰণৰ কবিতাৰ জয়জয়কাৰ আজি আমাৰ ভাষা জননী।’ কাব্যকানন কবিতা সভা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ পৌৰোহিত্যত সম্পন্ন হোৱা মুকলি সভাত সাহিত্যাচাৰ্য ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি  তিনিমহীয়া কাব্যালোচনী “কাব্যকানন “ৰ দ্বিতীয় বছৰৰ প্ৰথম সংখ্যাটি  উন্মোচন কৰে ।

নলবাৰী ৰত্ন বিশিষ্ট সাহিত্যিক ডঃ ভট্টাচাৰ্যই উৎকৃষ্ট কবিতা সৃষ্টিৰ আনন্দ, নান্দনিক দিশ সন্দৰ্ভত সাৱলীল বক্তব্য ৰাখি কবি-লেখক সকলক অধিক অধ্যয়নশীল হ’বলৈ আহ্বান জনায় । অনুষ্ঠানত ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সাংবাদিক ৰমনী বৰ্মন, ডঃ বিনীতা বৰা দেৱ চৌধুৰী, পৱিত্ৰ কুমাৰ নাথ, ডঃ ইকবাল হুছেইন খান, বিভা দেৱী প্ৰমুখ্যে আন কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে । আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত কুমাৰ বৰ্মনে আদৰণি ভাষণ ৰখা আৰু সম্পাদক সত্যজিত দাসে আঁত ধৰা এই অনুষ্ঠানত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা, সমাজকৰ্মী লক্ষী পাটোৱাৰী, শিল্পী ভোগী বৰ্মন প্ৰমুখ্যে আন কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অতিথি হিচাপে উপস্থিত থাকে।

দিনৰ প্ৰায় ১.৩০ বজাত ” বিল্বেশ্বৰৰ বাকৰিত কবিতাৰ এদিন ” শীৰ্ষক কবি সন্মিলন উদ্বোধন কৰে কাব্যকানন কবিতা সভা, অসমৰ সম্পাদক নৱ ৰাজনে । ‘ দ্য ছেন্টিনেল ‘ কাকতৰ জ্যেষ্ঠ উপ সম্পাদক চন্দন ভাগৱতীৰ সঞ্চালনাত সম্পন্ন হোৱা এই অনুষ্ঠানত অনামিকা ৰায়, ৰঞ্জন বৰা, মৰমী মুদৈ, জয় অসম, চুমী দাস, ডঃ উপমা বৰ্মন ডেকা, দিপালী বসুমতাৰী, গীতা দত্ত, প্ৰভাত হালৈকে ধৰি ৰাজ্যখনৰ প্ৰায় দুকুৰি  নবীন-প্ৰবীন কবিয়ে কবিতা পাঠ কৰে । ইয়াৰ পূৰ্বে ৰাতিপুৱা ৮. ৩০ বজাত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক লক্ষী পাটোৱাৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পিছতে শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই স্মৃতি তৰ্পন কৰে আৰু  ৯ বজাত অধিবক্তা তথা যুৱ নেতা ৰাতুল পাটোৱাৰীয়ে গছপুলি ৰোপন কৰে ।

The post বেলশৰত কাব্যকানন কবিতা সভা, অসমৰ অধিৱেশন সম্পন্ন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GPP3O5
via IFTTT

Comments