এপিডিচিএলৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি বিৰোধী দলপতিৰ পত্ৰ

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৯ এপ্ৰিল ঃ ৰাজ্যৰ শক্তি বিভাগৰ খালী পদ পূৰণৰ বাবে কালি অনুষ্ঠিত নিযুক্তি পৰীক্ষাত ব্যাপক খেলিমেলিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো কোনো এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই শক্তি বিভাগ কিম্বা ৰাজ্য চৰকাৰে। নিযুক্তি প্ৰক্ৰিয়াত ব্যাপক খাম-খেয়ালিৰ অভিযোগ উত্থাপন হোৱাৰ লগতে কালি অনুষ্ঠিত পৰীক্ষাৰ প্ৰশ্নকাকত হোৱাট্ছএপৰ গ্ৰু¸পে গ্ৰু¸পে প্ৰচাৰিত হোৱাত ধনৰ বলত পৰীক্ষাৰ পূৰ্বেই একাংশই প্ৰশ্নকাকত লাভ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছিল। আনহাতে এপিডিচিএলৰ ১,৯৫৭টা পদৰ নিযুক্তি পৰীক্ষা কেৱল নামমাত্ৰহে অনুষ্ঠিত হোৱা বুলি একাংশ সচেতন মহলে অভিযোগ উত্থাপন কৰাৰ লগতে নিৰ্বাচনৰ পূৰ্বেই অধিকাংশ পদৰ বিনিময়ত ব্যাপক ধন সংগ্ৰহ কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। এটা পদৰ দৰ ৫ৰ পৰা ১০ লাখ পৰ্যন্ত উঠোৱা বুলি একাংশ নিবনুৱাই অভিযোগ উত্থাপন কৰাৰ পিছতো শক্তি বিভাগ আৰু ৰাজ্য চৰকাৰ মৌন হৈ বহি থকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি প্ৰক্ৰিয়াৰ দৰেই এপিডিচিএলৰ নিযুক্তি প্ৰক্ৰিয়াত খাম-খেয়ালি সংঘটিত হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

আজি এক পত্ৰযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিৰোধী দলপতিগৰাকীয়ে কয় যে কালি অনুষ্ঠিত হোৱা পৰীক্ষাত ব্যাপক বিসংগতি সংঘটিত হৈছে। ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ফাদিল হোৱাত কিছু পৰীক্ষাৰ্থীক আগতীয়াকৈ উত্তৰ যোগান ধৰা আৰু পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কিছু পৰীক্ষাৰ্থীয়ে মোবাইল ফোন ব্যৱহাৰ কৰাৰ বিশ্বাসযোগ্য প্ৰমাণ পোৱা গৈছে। এই সংক্ৰান্তত দুজন নিৰীক্ষক আৰু এজন পৰীক্ষাৰ্থীক আৰক্ষীয়ে আটক কৰা কাৰ্য পৰীক্ষাত বিসংগতি হোৱাৰ জ্বলন্ত প্ৰমাণ। বিৰোধী দলপতিগৰাকীয়ে পত্ৰত আৰু উল্লেখ কৰে যে কেইবা দিন ধৰি সংবাদ মাধ্যমত শক্তি বিভাগৰ একাংশ প্ৰভাৱশালী ব্যক্তিয়ে উক্ত পদৰ সৰহসংখ্যককেই স্বজন-তোষণ অথবা ধনৰ স্বাৰ্থত পৰীক্ষা অনুষ্ঠিত কৰাৰ পূৰ্বেই নিৰ্দিষ্ট প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰি থৈছে। বিজেপি চৰকাৰৰ কাৰ্যকালত বন আৰু পৰিৱেশ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খালী পদ পূৰণৰ পৰীক্ষাৰ পিছত শক্তি বিভাগৰ পৰীক্ষাও একেলেথাৰিয়ে বিসংগতিপূৰ্ণভাৱে অনুষ্ঠিত হ’ল।

আনহাতে শেহতীয়াকৈ জলসিঞ্চন আৰু জনস্বাস্থ্য-কাৰিকৰী বিভাগতো কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। এনে অৱস্থাত নিকা প্ৰশাসন আৰু দুৰ্নীতিৰ লগত আপোচ নকৰা বুলি কৈ থকা চৰকাৰখনে পূৰ্বৰ দুৰ্নীতিৰ সকলো অভিলেখ ভংগ কৰাৰ দিশে অগ্ৰসৰ হৈছে বুলিও পত্ৰখনত বিৰোধী দলপতিগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰি দুটা বিসংগতিমূলক পৰীক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ভুক্তভোগীসকল ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব লগা হ’ব বুলি উল্লেখ কৰাৰ লগতে ২ লাখতকৈও অধিক নিবনুৱা পৰীক্ষাৰ্থীক অন্যায় কৰা এপিডিচিএলৰ পৰীক্ষা বাতিল কৰিবলৈ দাবী উত্থাপন কৰে। ব্যাপক অভিযোগ উত্থাপন হোৱা এপিডিচিএলৰ পৰীক্ষা বাতিল কৰি পৰীক্ষাত সৃষ্টি হোৱা বিসংগতিৰ বাবে দোষী লোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও বিৰোধী দলপতিগৰাকীয়ে দাবী উত্থাপন কৰে। ইপিনে এপিডিচিএলৰ পৰীক্ষাৰ বিসংগতি পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়া। চূড়ান্ত খাম-খেয়ালিৰ মাজেৰে শক্তি বিভাগে অনুষ্ঠিত কৰা পৰীক্ষা বাতিল কৰি নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে দাবী উত্থাপন কৰাৰ লগতে ঠায়ে ঠায়ে নিযুক্তি পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগত শক্তি বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post এপিডিচিএলৰ পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2PzoVK4
via IFTTT

Comments