আন্তঃৰাষ্ট্ৰীয় কাৰাটেত সোণৰ পদক জয়ৰে উজলিল ধূপধৰাৰ দুই খেলুৱৈ

ডিজিটেল সংবাদ, ধূপধৰাঃ কাৰাটে এছ’চিয়েছন অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অল ভাৰত ছোটকান-ডো ফেডাৰেছনৰ উদ্যোগত উত্তৰ প্ৰদেশৰ ছাহাৰানপুৰত অনুষ্ঠিত দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপ, ২০১৯ প্ৰতিযোগিতাত ধূপধৰাৰ দুই প্ৰতিভাবান যুৱ খেলুৱৈ মধুসূধন দাস আৰু চিন্ময় ৰাভাই সোণৰ পদক লাভ কৰি গোৱালপাৰা জিলাৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
২৬ এপ্ৰিলৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাখনৰ পুৰুষৰ ৫৬ কেজি চিনিয়ৰ শাখাৰ ফাইনেলত মধুসুধন দাসে ভূটানৰ প্ৰতিদ্বন্দ্বী গৰাকীক ১৩-১৭ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে৷ আনহাতে ৩৬ কেজি জুনিয়ৰ শাখাৰ ফাইনেলত চিন্ময় ৰাভাই ম্যানমাৰৰ প্ৰতিদ্বন্দ্বী গৰাকীক ১৯-২২ পইন্টৰ ব্যৱধানত পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে৷
ইফালে ধূপধৰা কোঠাকুঠিৰ ছেইন্ট ফ্ৰান্সিছ স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ চিন্ময় ৰাভাৰ এনে সাফল্যই বিদ্যালয়খনলৈও সুনাম কঢ়িয়াই অনাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষকবৃন্দ তথা ছাত্ৰ-ছাত্ৰীসকলে উৎফুল্লিত হৈ পৰাৰ উপৰি খেলুৱৈগৰাকীক উচ্চ প্ৰশংসা কৰিছে৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে দুয়োগৰাকী খেলুৱৈলৈ বিভিন্ন দল-সংগঠনেও শুভেচ্ছা জ্ঞাপন কৰিছে।
The post আন্তঃৰাষ্ট্ৰীয় কাৰাটেত সোণৰ পদক জয়ৰে উজলিল ধূপধৰাৰ দুই খেলুৱৈ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XYL8UP
via IFTTT
Comments
Post a Comment