এপিডিচিএলৰ বাচনি পৰীক্ষাৰ প্ৰহসনক লৈ নিৰ্বিকাৰ চৰকাৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে অনুষ্ঠিত হোৱা এপিডিচিএলৰ বাচনি পৰীক্ষাত হোৱা বেমেজালিক লৈ সমগ্ৰ ৰাজ্য তোলপাৰ লাগিলেও চৰকাৰৰ গা লৰা নাই। ১৯৫৭টা পদৰ বাবে বিগত এমাহত দিপাংকৰ দিহিঙীয়াৰ লগতে একাংশ দালালে বিজুলি ভৱনৰ বাহিৰে ভিতৰে ধন সংগ্ৰহৰ মুকলি বজাৰ পাতি বহাৰ খবৰ সৰ্বত্ৰে প্ৰচাৰিত হ’লেও সেই বিষয়েও নিৰ্বিকাৰ হৈ আছে চৰকাৰ। দেওবাৰে ৬৬৯ টা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাত বহিছিল ২ লক্ষাধিক আবেদনকাৰী। পিছে কমিছনৰ বজাৰখনৰ বাবেই এই পৰীক্ষা চূড়ান্ত প্ৰহসনত পৰিণত কৰি একাংশই মোবাইল, হোৱাটছএপৰ জৰিয়তে প্ৰশ্ন-উত্তৰৰ আদান-প্ৰদান কৰাৰ লগতে আন একাংশ কেন্দ্ৰত খোদ নিৰীক্ষকেই নিৰ্দিষ্ট পৰীক্ষাৰ্থীক নকলৰ যোগান ধৰিছিল। যাৰ বাবে দুগৰাকী নিৰীক্ষকক আন পৰীক্ষাৰ্থীৰ হেঁচাত আৰক্ষীয়ে আটক কৰিবলগীয়াও হৈছিল।
কিন্তু এই সকলো কথা অস্বীকাৰ কৰিছে এপিডিচিএলে। এপিডিচিএলৰ জন সম্পৰ্কৰক্ষী বিষয়াই অতি সহজভাৱেই এই সমগ্ৰ ঘটনাক্ৰমক অস্বীকাৰ কৰিছে। এপিডিচিএলৰ অধ্যক্ষ ভি কে পিপাৰছেনিয়াৰ হৈ জন সম্পৰ্কৰক্ষী বিষয়াই প্ৰেৰণ কৰা এক স্পষ্টীকৰণত চাকৰিৰ বজাৰ আৰু পৰীক্ষাৰ বেমেজালি দুয়োটা বিষয়কে মিছা বুলি প্ৰতিপন্ন কৰিবলৈ হাস্যকৰ প্ৰয়াস চলাইছে। একে সুৰতে সুৰ মিলাই শক্তি মন্ত্ৰী তপন গগৈয়েও বাচনি প্ৰক্ৰিয়াটোত কোনো ধৰণৰ অনিয়ম হোৱা নাই বুলি স্পষ্ট কৰিছে।
ইয়াৰ বিপৰীতে সক্ৰিয় আৰটিআই কৰ্মী দুলাল বৰাই এপিডিচিএলৰ চাকৰিৰ বাবে হোৱা বাচনি পৰীক্ষাৰ বেমেজালি তথা অনিয়মৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবীৰে দিছপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। কিন্তু লক্ষণীয়ভাৱে গুৰুতৰ এই বিষয়টোক লৈ আজিৰ দিনটোত জাতীয় সংগঠনসমূহ যিদৰে সক্ৰিয় হ’ব লাগিছিল, তেনে সক্ৰিয়তা পৰিলক্ষিত নহ’ল। যাৰ সুবিধা গ্ৰহণ কৰি এপিডিচিএলৰ অধ্যক্ষৰ বিশেষ কৰ্তব্যৰত বিষয়া দিপাংকৰ দিহিঙীয়াই মেলা দুৰ্নীতিৰ বজাৰখন আৰু বাচনি পৰীক্ষাৰ প্ৰহসনক ন্যায্যতা প্ৰদানৰ এক সুযোগ চৰকাৰেও লাভ কৰিছে।
এনে প্ৰেক্ষাপটত প্ৰায় ২ হাজাৰ চাকৰিৰ বাবে বহু আশা বুকুত বান্ধি পৰীক্ষাত বহা মেধাৱী পৰীক্ষাৰ্থীসকলৰ ভৱিষ্যত কি হ’ব সেয়া অনিশ্চিত হৈ পৰিছে।
The post এপিডিচিএলৰ বাচনি পৰীক্ষাৰ প্ৰহসনক লৈ নিৰ্বিকাৰ চৰকাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2V1Rw0F
via IFTTT
Comments
Post a Comment