আল-আমিন জনকল্যাণ সমাজৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনত মাহমুদ হাচান

অসমৰ সংখ্যালঘু অঞ্চলসমূহ এতিয়াও পিছপৰি আছে

মহানগৰ প্ৰতিবেদক, ২৮ এপ্ৰিল ঃ
আল-আমিন জনকল্যাণ সমাজৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত হয়। গুৱাহাটীৰ বিষু্ণ-নিৰ্মলা ভৱনত এই অধিৱেশন আজি অনুষ্ঠিত হয়। এই অধিৱেশনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে চৰ এলেকা উন্নয়নৰ সঞ্চালক মাহমুদ হাচান। চৰ এলেকা উন্নয়নৰ সঞ্চালকগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে মানৱ সম্পদৰ বিকাশ হ’লেহে প্ৰকৃত বিকাশ হোৱাটো বুজায়। স্বাস্থ্য ক্ষেত্ৰত অসম এতিয়াও পিছপৰি থকা বুলি উল্লেখ কৰি সঞ্চালকগৰাকীয়ে আৰু কয় যে ৰাজ্যৰ সংখ্যালঘু অঞ্চলসমূহ সকলো দিশৰ পৰা এতিয়াও পিছপৰি ৰৈছে। সংখ্যালঘু অধ্যুষিত জিলাসমূহত চৰকাৰী চাকৰিয়ালৰ সংখ্যাও সীমিত বুলি উল্লেখ কৰি তেওঁ এইবুলিও কয় যে চৰ এলেকাসমূহত নিযুক্তি দিয়া টেট শিক্ষকসকল সেই স্থানৰ পৰা আঁতৰি চহৰমুখী হৈছে। অৰ্থাৎ চৰ এলেকাসমূহত কোনেও কাম কৰিব নিবিচাৰে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে চৰ এলেকাৰ প্ৰায়সমূহ বিদ্যালয়তে নাই পৰ্যাপ্ত শিক্ষক। প্ৰধান শিক্ষক অবিহনে চৰ এলেকাৰ বহু বিদ্যালয় চলি আছে বুলি আজি ভাষণ প্ৰসংগত উল্লেখ কৰে সঞ্চালকগৰাকীয়ে।

লগতে এই কথাও কয় যে চৰ এলেকাৰ বিদ্যালয়সমূহত স্থানীয় শিক্ষকৰ বাবে অন্য স্থানৰ শিক্ষকে কাম কৰিব নিবিচাৰে। যাৰ বাবে নিযুক্তি দিয়াৰ পিছতো শিক্ষকসকল চহৰমুখী হৈ আহিছে বুলি উল্লেখ কৰে। অধিৱেশনখনত তেওঁ আৰু কয় যে নামনি অসমৰ অঞ্চলসমূহত এতিয়াও বৃহৎ হাৰত চলি আহিছে বাল্য বিবাহ। ধুবুৰীত বাল্য বিবাহৰ পৰিমাণ অধিক হাৰত চলি আহিছে বুলি উল্লেখ কৰি কয় যে একাংশ ভুৱা কাজিৰ বাবেই এনে অঞ্চলসমূহত বাল্য বিবাহ চলি আহিছে। তেওঁ কয় যে এনে অঞ্চলসমূহতঅধিকাংশ ভুৱা কাজি আৰু অধিবক্তাসকল বাল্য বিবাহৰ কাৰ্যত জড়িত হৈ আহিছে। যাৰ বাবে অঞ্চলসমূহত বাল্য বিবাহ অধিক হাৰত চলি আহিছে বুলি উল্লেখ কৰে চৰ এলেকা উন্নয়নৰ সঞ্চালকগৰাকীয়ে। ইয়াৰ উপৰি তেওঁ কয় যে সংখ্যালঘু অঞ্চলসমূহ এতিয়াও অনুন্নত হৈয়ে আছে। সকলো দিশৰ পৰা অঞ্চলসমূহ পিছ পৰি ৰোৱা বুলি উল্লেখ কৰি তেওঁ কয়– সমাজৰ উন্নয়নত সকলোৱে আগভাগ ল’ব লাগে। তেওঁ কয় যে এসময়ত দৰিদ্ৰতাত ভোগা বাংলাদেশ এতিয়া উন্নতিৰ দিশে আগবাঢ়িছে। বাংলাদেশত দৰিদ্ৰতা ক্ৰমান্বয়ে হ্ৰাস পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে চীনৰ পিছতেই সৰ্ববৃহৎ বস্ত্ৰ উদ্যোগটো আছে বাংলাদেশত। তেওঁ কয় যে বাংলাদেশ এতিয়া দাৰিদ্ৰ্যমুক্ত হোৱাৰ দিশে গতি কৰিছে।

১৯৯২ চনত বাংলাদেশত দৰিদ্ৰতাৰ হাৰ আছিল ৫৬.৬ শতাংশ। ২০১০ত ইয়াৰ পৰিমাণ হ্ৰাস পাই হয় ৪৯.৮ শতাংশ। আনহাতে ২০১৬ত ইয়াৰ পৰিমাণ হ্ৰাস পাই হয় ২৪.৩ শতাংশ। এনেদৰে বাংলাদেশ দাৰিদ্ৰ্যমুক্ত হোৱাৰ দিশে গতি কৰিছে বুলি আজিৰ ভাষণ প্ৰসংগত উল্লেখ কৰে সঞ্চালক মাহমুদ হাচানে। উল্লেখ্য যে আজি ষষ্ঠদশ বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আল-আমিন জনকল্যাণ সমাজে তেওঁলোকৰে দুগৰাকী আজীৱন সদস্যক সম্বৰ্ধনা জনায়। আজীৱন সদস্য ইলটাফ হুছেইন হাজৰিকা আৰু দেবিৰা চুলতানা আহমদক সম্বৰ্ধনা জনায় আল-আমিন জনকল্যাণ সমাজে। সমাজৰ আজীৱন সদস্য ডাঃ লুতফুৰ ৰহমানে সভাত ভাষণ প্ৰসংগত কয় মুছলমান সমাজে অন্যান্য সমাজৰ লগত সমানে আগবাঢ়ি যাব পৰা নাই। আনহাতে বৰ্তমানৰ যুৱ প্ৰজন্মই ইছলামৰ মূল দৰ্শন পৰিত্যাগ কৰি তথাকথিত আধুনিকতাৰ নামত নিজকে জলাঞ্জলি দিয়াত এই প্ৰজন্মটোৱে বিশেষ সেৱা আগবঢ়োৱাত ব্যৰ্থ হৈছে। ইছলামৰ বুনিয়াদি দৰ্শনক সাৰোগত কৰি আগবাঢ়ি গ’লেহে সমাজৰ পৰিৱৰ্তন হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। সভাপতিৰ ভাষণত নুৰুল হকে কয় সমাজৰ প্ৰত্যেকগৰাকীৰ সদস্যৰ অৱদান অবিহনে আজি এই অনুষ্ঠানটোৱে সফলতাৰ মুখ নেদেখিলেহেঁতেন।

সভাপতিগৰাকীয়ে আগন্তুক দিনবোৰত সকলোৰে সহায়-সহযোগিতা কামনা কৰে আৰু সকলোৰে সক্ৰিয় অংশ গ্ৰহণেৰে আল-আমিন জনকল্যাণ সমাজক আগবঢ়াই নিবলৈ অনুৰোধ জনায়। আজিৰ এই বাৰ্ষিক অধিৱেশনতে তেওঁলোকে ২০১৮ চনৰ পহিলা এপ্ৰিলৰ পৰা ২০১৯ৰ ৩১ মাৰ্চৰ সময়ছোৱালৈ কাম-কাজৰ খতিয়ান দাঙি ধৰে। য’ত কাম-কাজৰ খতিয়ান বিত্ত সচিব ইমতিয়াজ আলীয়ে দাঙি ধৰে। আজিৰ বাৰ্ষিক অধিৱেশনত তেওঁৰ উপৰি উপস্থিত থাকে আল-আমিন জনকল্যাণ সমাজৰ সভাপতি নুৰুল হক, উপ-সভাপতি ফকিল আহমেদ বৰা, সচিব প্ৰধান ইনামুল ইছলাম, যুটীয়া সচিব মাচুম আৰা ৰহমান, প্ৰতিষ্ঠাপক সদস্য কমৰুজ্জামান আহমদ, আব্দুল ৱাছি, ডাঃ তৌফিকুৰ ৰহমান বৰবৰা, আজীৱন সদস্য চৈয়দ হাৰুনাৰ ৰহমান, মাচুমা বেগম ৱাছিফ, এছ বি আইৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু যুৱ প্ৰজন্মৰ বাবে কাম কৰা নুৰুল ইছলাম লস্কৰ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আব্দুল মান্নানসহ সমাজৰ সদস্যসকল।

The post আল-আমিন জনকল্যাণ সমাজৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনত মাহমুদ হাচান appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2DAzRT2
via IFTTT

Comments