দোহাত স্বৰ্ণজয়ী দৌৰবিদ গোমাঠি মৰিমুঠুলৈ ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা এআইএডিএমকেৰ

ডিজিটেল ডেস্কঃ কোৱাটাৰৰ ৰাজধানী দোহাত অনুষ্ঠিত এছিয়ান এথেলিটিক চেম্পিয়নশ্বিপ-২০১৯ৰ মহিলাৰ ৮০০ মিটাৰ দৌৰ শাখাত স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা তামিলনাডুৰ গোমাঠি মৰিমুঠুলৈ ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে এআইএডিএমকে-য়ে। সোমবাৰে মৰিমুঠু ৰাজ্যখনত উপস্থিত হোৱাৰ পিছতে বিভিন্ন দল সংগঠনে দৌৰবিদগৰাকীক উষ্ম আদৰণি জনায়।
উল্লেখ্য যে, পূৰ্বে এআইএডিএমকেৰ অধ্যক্ষই দৌৰবিদগৰাকীক ১০ লাখ টকাৰ পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰিছিল যদিও পিছত সেই ৰাশি বৃদ্ধি কৰি ১৫ লাখ টকা প্ৰদানৰ কথা ঘোষণা কৰে। আনফালে, তামিলনাডু প্ৰদেশ কংগ্ৰেছে গোমাঠি মৰিমুঠুলৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।
The post দোহাত স্বৰ্ণজয়ী দৌৰবিদ গোমাঠি মৰিমুঠুলৈ ১৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা এআইএডিএমকেৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DAOoOr
via IFTTT
Comments
Post a Comment