ওৰাঙত ৪১ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহৰ আয়োজন…

ডিজিটেল সংবাদ, ওৰাংঃ ওদালগুৰি জিলাৰ পূব প্ৰান্তৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ভূমি তথা জনগোষ্ঠীয় কলা সংস্কৃতিৰে ভৰপূৰ। ওৰাঙৰ লক্ষী মন্দিৰ প্ৰাঙ্গণত ওৰাংবাসী ৰাইজৰ উদ্যোগত অহা ১৯আৰু২০ বহাগ ইংৰাজীৰ ৩ আৰু ৪ মেত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৪১ সংখ্যাক ওৰাং কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহ অনুষ্ঠিত হব । যোৱা ১ বহাগৰ পুৱাৰ পৰাই এই অনুষ্ঠান আৰাম্ভ হৈছে।

বিহু সমাৰোহলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত যথেষ্ট ব্যস্ততা দেখা গৈছে উদযাপন সমিতিৰ বিষয়ববীয়া সকলৰ মাজত । জয়ৰাম বৰাক সভাপতি , ৰাজীব শৰ্মা আৰু অনন্ত ডেকাক যুটীয়া সম্পাদক হিচাপে লৈ ওৰাংবাসী ৰাইজৰ সহযোগত উদযাপন সমিতি গঠন কৰা হৈছে । ১৯ বহাগ ৩ মে তাৰিখে আবেলি ৩ বজাত অনুষ্ঠিত হব সৰু বিহুৱতী প্ৰতিযোগিতা ।

একেদিনাই আবেলি ছয় বজাত অনুষ্ঠিত হব মুকলি বিহু প্ৰতিযোগিতা। মুকলি বিহু প্ৰতিযোগিতাৰ দ্বাৰ উন্মোচন কৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই । আৰু ২০ বহাগ ৪ মেত আবেলি ৫ বজাত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব বি টি চি পৰিষদৰ কাৰ্য্যবাহী সদস্য,অলিন্দ্ৰ কুমাৰ মোছাহাৰীয়ে। সন্ধিয়া ছয় বজাত অনুষ্ঠিত হব দাতা সকলৰ সম্বৰ্দ্ধনা আৰু বটাঁ বিতৰণী অনুষ্ঠান। নিশা ৮ বজাত অনুষ্ঠিত হব সাংস্কৃতিক সন্ধিয়া। এইবাৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ হল কন্ঠশিল্পী দীপলিনা ডেকা ।

The post ওৰাঙত ৪১ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু সমাৰোহৰ আয়োজন… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2L8bd2p
via IFTTT
Comments
Post a Comment