নিৰক্ষৰতা অথবা দৰিদ্ৰতা সন্ত্ৰাসৰ লগত জড়িত হোৱাৰ মূল কাৰণ নহবও পাৰেঃ শ্ৰীলংকাৰ ৰাজনৈতিক পৰ্যবেক্ষক

ডিজিটেল সংবাদ, গুৱাহাটীঃ এসময়ত গোষ্ঠীগত উগ্ৰবাদৰ অচিলা লৈ এল টি টিয়ে সন্ত্ৰাসৰ ৰাজত্ব চলোৱা শ্ৰী লংকাত এতিয়া ধৰ্মীয় সন্ত্ৰাসবাদে খুপনি পুতিছে। আন্তৰ্জাতিক ইচলামিষ্ট সন্ত্ৰাসৰ প্ৰৰোচনাত জীপাল হোৱা স্থানীয় সন্ত্ৰাসবাদী সমূহৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কলম্বোৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। ফলত সৰু দ্বীপ ৰাষ্ট্ৰখনত শেহতীয়াকৈ সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত ২৫০ জনৰো অধিক সাধাৰণ নাগৰিকে মৃত্যু সাৱতি লব লগা হ’ল।
শ্ৰীলংকাৰ ৰাজনৈতিক পৰ্যবেক্ষক এন সত্য মূৰ্তিয়ে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগত কণফাৰেঞ্চ যোগে এক বাৰ্তালাপত এই মন্তব্য কৰে। এসময়ত দেশৰ কেইবাখনো বাতৰি কাকতত সাংবাদিকতা কৰা সত্যমূৰ্তিয়ে শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু সেনা বাহিনীৰ বুজাবুজিৰ অভাৱ বুলি তীৰ্যক মন্তব্য কৰে।
কলম্বো চৰকাৰে বহুপৰিমাণে দেশখনৰ জনগাঁঠনিৰ পৰিৱৰ্তন সম্পৰ্কটো জ্ঞাত নাছিল অথবা সেই ক্ষেত্ৰত লব লগা সাৱধানতা সম্পৰ্কত উদাসীন আছিল। শ্ৰী লংকা চৰকৰী সূত্ৰ অনুসৰি দেশখনৰ সত্তৰ শতাংশ বুদ্ধ ধৰ্মীয় লোক আছে। তাৰ পিছতে আছে হিন্দু ১২ শতাংশ, মুছলিম ৯ শতাংশ আৰু খ্ৰীষ্টান ৭ শতাংশ। কিন্তু সত্যমূৰ্তিৰ মতে, দেশখনৰ মুছলিম জনসংখ্যা হিন্দুতকৈ বৃদ্ধি পাইছে।
তেখেতক সুধা অন্য এক প্ৰশ্নৰ উত্তৰত কয় যে, নিৰক্ষৰতা অথবা দৰিদ্ৰতা সন্ত্ৰাসৰ লগত জড়িত হোৱাৰ মূল কাৰণ নহবও পাৰে। কাৰণ শ্ৰীলংকাত সংঘটিত হোৱা সন্ত্ৰাসৰ লগত জড়িত লোকসকল শিক্ষিত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ সদস্য আছিল।
শ্ৰী লংকাত সংঘটিত হোৱা ঘটনাই ভাৰতৰ নিৰ্বাচনী ৰাজনীতিত তাৎক্ষণিকভাৱে কোনো প্ৰভাৱ নেপেলালেও বৃহৎ ৰাষ্ট্ৰখনত সামাজিক ক্ষেত্ৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলাব। ভাৰত-শ্ৰীলংকাৰ দ্বী পাক্ষিক সম্পৰ্কৰ লগতে দেশখনৰ আভ্যন্তৰীণ ক্ষেত্ৰতো এই ঘটনাই বিৰুপ প্ৰভাৱ পেলাব বুলিও সত্যমূৰ্তিয়ে মত পোষণ কৰে।
The post নিৰক্ষৰতা অথবা দৰিদ্ৰতা সন্ত্ৰাসৰ লগত জড়িত হোৱাৰ মূল কাৰণ নহবও পাৰেঃ শ্ৰীলংকাৰ ৰাজনৈতিক পৰ্যবেক্ষক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GR9HxB
via IFTTT
Comments
Post a Comment