১ মিনিটত ২৫ খবৰ

১. সোমবাৰে পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে। ২০ জুনৰ ভিতৰত দলংখন মুকলি কৰি দিয়াৰ নিৰ্দেশ।

২. সোমবাৰে মহানগৰীৰ ভিআইপি চ’কৰ সমীপৰ গ্ৰীণলেণ্ড নাৰ্ছিং হোমৰ সন্মুখত শোকাৱহ দুৰ্ঘটনা। দ্ৰুতবেগী বাইকৰ খুন্দাত নিহত বিতোপন কলিতা নামৰ এটি কণমানি ছাত্ৰ।

৩. জাগীৰোডত নগাঁও কাগজ কল কৰ্মচাৰীৰ আত্মহনন। ২৭ মাহে দৰমহা লাভ নকৰি অৱসাদত ভাগি পৰি ডিঙিত চিপ লৈ আত্মহত্যা এজন বিষয়াৰ। মৃত বিষয়াজন কলকাতাৰ বিশ্বজিৎ মজুমদাৰ।

৪. সোমবাৰে মুকলি কৰা হয় বি এছ এন এলৰ নতুন সেৱা। ৰিহাবাৰীত অসম চাৰ্ক’লৰ মুখ্য মহাপ্ৰৱন্ধক সন্দীপ গোভিলে নেট সেৱাযোগে ফাইবাৰেৰে দিব লগা ব্ৰডব্ৰেণ্ড আৰু টেলিফোন সেৱা মুকলি কৰে।

৫. সোমবাৰে দেহাৱসান ঘটে ইয়ং ষ্টাৰ ক্লাৱৰ পূৰ্বৰ প্ৰশিক্ষক পি এক্স কাননৰ। তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছা।

৬. ৪ দিন ধৰি নিৰুদ্দেশ হৈ আছে দৰং জিলাৰ দিপীলাৰ এগৰাকী বিজ্ঞান শিক্ষক। ৰহস্যজনকভাৱে সন্ধানহীন শিক্ষক গৰাকীৰ নাম অশ্বিনী কুমাৰ শৰ্মা বৰুৱা।

৭. সোণাৰিত সোমবাৰে আটক হয় আলফা(স্বাঃ)ৰ এজন লিংকমেন। লিংকমেনজনৰ নাম নিৰ্মল খাকলাৰী।

Image may contain: 1 person, standing

৮. ৫০ হাজাৰ টকা চুপাৰী লৈ ধুবুৰী জিলাৰ চাপৰৰ হোমিঅ চিকিৎসক ৰবেন ৰায়ক হত্যা কৰিছিল দুজন লোকে। লোক দুজন আৰ্নল পাটগিৰি আৰু বিপুল বসুমতাৰী।

৯. ছ’চিয়েল মিডিয়াত যুৱতীৰ অশ্লীল ফটো ভাইৰেল কৰাক লৈ গোচৰ দিবলৈ যাওতে অঘটন। গোচৰ দি ঘূৰি আহোতে মুনজুৰ আহমেদ নামৰ ভণ্ড প্ৰেমীকে আক্ৰমণ কৰিলে প্ৰেমীকাক।

১০. ৯ মাৰ্চত ম্যানমাৰ সেনাই আটক কৰা ৫ জন এনএছচিএন (কে) নেতাক ৬ মে’ত পুনৰ হাজিৰ কৰা হ’ব আদালতত। আলফা (স্বাঃ) আৰু অন্য ভাৰতীয় মূলৰ বিদ্ৰোহীক আশ্ৰয় দিয়াৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল নেতাকেইজন।

১১. ‘হিংসা ক’ত নাথাকে? কিন্তু মই এনে হিংসাত্মক পৰিস্থিতি কেনেকৈ চম্ভালিৱ লাগে জানো।’ সোমবাৰে এই মন্তব্য কৰে আছানছোলৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী মুনমুন সেনে।

১২ মহানগৰীৰ মঠঘৰীয়াত স্বামী-পুত্ৰই মিলি দাৰে ঘপিয়াই আহত কৰিলে এগৰাকী মহিলাক। ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰায় মহিলাগৰাকীক। পলাতক আক্ৰমণকাৰী স্বামী ৰজনী শৰ্মা আৰু পুত্ৰ কৃষ্ণ শৰ্মা।

১৩. মহানগৰীৰ জালুকবাৰীৰ হজ ভৱনৰ সন্মুখত ট্ৰাক চালকৰ প্ৰহাৰত আহত দ্বিজেন চন্দ্ৰ দাস নামৰ এজন হাবিলদা। অভিযুক্ত ওড়িশাৰ লক্ষ্মণ হিয়াল নামৰ চালকজনক জালুকবাৰী আৰক্ষীয়ে আটক কৰিছে।

১৪. ‘মুখ্যমন্ত্ৰীৰ অ’ এছ ডিয়ে বৰাকত চলাই আছে কয়লা ছিণ্ডিকেট।’ সংবাদমেল পাতি এই অভিযোগ আনিছে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰে।

১৫. ৮. নুমলীগড়ৰ তেলগৰমৰ চাউৰাবস্তিত দেওৰেকৰ দাৰ ঘাপত আহত বৌয়েক। আহত প্ৰমিলা শইকীয়া নামৰ মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি। বৰ্তমানো পলাতক অভিযুক্ত ডাইনা শইকীয়া নামৰ লোকজন।

১৬. মহানগৰীৰ মঠঘৰীয়াত স্বামী-পুত্ৰৰ দাৰ ঘাপত আহত মহিলা। পাৰিবাৰিক কন্দলৰ বাবে মহিলাগৰাকীক প্ৰহাৰ।

১৭. কেৰেলাত সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ এজন লিংক মেন আটক। এনআইএ-য়ে আটক কৰা লোকজনক মঙলবাৰে হাজিৰ কৰা হ’ব কোচী আদালতত।

১৮. সোমবাৰে চাবুৱাত পথ দুৰ্ঘটনাত আহত হয় ৫জনকৈ লোক। ৰৈ থকা টেংকাৰত এখন দ্ৰুতবেগী বাহনে খুন্দা মৰাৰ বাবে দুৰ্ঘটনা।

১৯. ছিকিমত পৰ্যটক কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত। ভয়ংকৰ দুৰ্ঘটনাৰ ফলত ৫জন পৰ্যটকৰ মৃত্যু।

২০. সাংবাদিকৰ সুৰক্ষাৰ দাবীত সোমবাৰে নাৰেংগীত কেইবাটাও সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী ৰুপায়ন কৰে। ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও সংগঠনৰ প্ৰতিনিধিয়ে।

২১.  ভাৰতীয় দলত অন্তৰ্ভুক্ত হ’ল হিমা দাস। বিশ্ব ৰীলেত অংশ ল’ব অসম কন্যাগৰাকীয়ে।

২২. সুনন্দা পুস্কৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত কংগ্ৰেছ নেতা শশী থৰুৰৰ আমেৰিকা ভ্ৰমণৰ বাবে অনুমতি বিচাৰি দিল্লীৰ এখন আদালতত আবেদন দাখিল। ৫ মে’ৰ পৰা ২০ মে’লৈ আমেৰিকা ভ্ৰমণৰ অনুমতি বিচাৰিছে শশী থৰুৰে। মঙলবাৰে হ’ব এই আবেদনৰ শুনানি।

২৩. ছত্তীশগড়ৰ দান্তেৱাৰাত ৬ দুৰ্ধৰ্ষ নক্সালাবাদী কেডাৰক গ্ৰেপ্তাৰ। দান্তেৱাৰাৰ কেইবাটাও অঞ্চলত আত্মগোপন কৰি থকা নক্সালবাদী কেডাৰ কেইজনক গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।

২৪. মুম্বাইৰ মাহিমত ভয়ংকৰ অগ্নিকাণ্ড। এটা ফেক্টৰীত সংঘটিত অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ ক্ষতিসাধন। ঘটনাস্থলীত উপস্থিত অগ্নিনিৰ্বাপক বাহিনী।

২৫. ২৪ এপ্ৰিলত শ্ৰীনগৰত সংঘটিত এক আক্ৰমণ সন্দৰ্ভত জম্মু-কাশ্মীৰ আৰক্ষীৰ চাৰ্জ শ্বিট দাখিল। আৰক্ষীৰ চাৰ্জ শ্বীটত ৯ জন অপৰাধীৰ নাম। ২৪ এপ্ৰিলৰ এই আক্ৰমণত শ্বহীদ হৈছিল এজন চিআৰপিএফ জোৱান।

The post ১ মিনিটত ২৫ খবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2IMOfvL
via IFTTT

Comments