বিধ্বস্ত বাট পথ, কামপুৰত পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত এজাক মহিলাৰ…

ডিজিটেল সংবাদ, কামপুৰঃ পৰিবৰ্তনগামী চৰকাৰৰ দিনত অপৰিবৰ্তিত বাট-পথ ৷ বঢ়মপুৰ সমষ্টিৰ এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাই আহিছে কামপুৰ মনোহৰ গাঁৱৰ অঞ্চলৰ ৰাইজক । নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া নেতাক কৰ্মীক বিচাৰি এজাক মহিলাই ধৰিলে ৰুদ্ৰ মূৰ্তি ৷ এজাক বৰষুণতে বিধ্বস্ত হৈ পৰা পথছোৱা বাৰিষা আৰু অধিক অবৰ্ণনীয় হৈ পৰে ৷

বিধ্বস্ত পথছোৱাৰ বাবে ছাত্ৰ ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ অসুবিধা সন্মুখীন হোৱাৰ লগতে ঠেলা অথবা ডাংকোলা কৰি অঞ্চলটোৰ ৰোগীসকলক নিবলগীয়া হয় চিকিৎসালয়লৈ । যাৰ বাবে সোমবাৰে পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওখনৰ মহিলা সকলে ৷ পৰিবৰ্তনগামী চৰকাৰলৈ হাতযোৰ কৰি মহিলা সকলে অতিশীঘ্ৰে বিধ্বস্ত পথছোৱা পুনৰ নিৰ্মাণ কৰিবলৈ অনুৰোধ কৰিলে।

The post বিধ্বস্ত বাট পথ, কামপুৰত পথত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত এজাক মহিলাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UMxuCj
via IFTTT
Comments
Post a Comment