সাংবাদিকৰ সুৰক্ষাৰ দাবীত গোলাঘাট সাংবাদিক সুৰক্ষা মঞ্চৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ অসমৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিকভাৱে সাংবাদিকৰ ওপৰত শাৰীৰিক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱা কায্যক গোলাঘাট জিলা সাংবাদিক সুৰক্ষা মঞ্চই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। শেহতীয়াকৈ সাংবাদিক ৰাজেন ডেকাক হত্যাৰ অপচেষ্টা আৰু যোৰহাটৰ জ্যেষ্ঠ সাংবাদিক ৰাজিৱ বৰাক আক্ৰমণ কৰি গুৰুত্বৰভাৱে চিকিৎসাধীন হোৱা ঘটনাই বৰ্তমান সময়ত সাংবাদিক সকল সুৰক্ষাৰ অনিশ্চয়তাত থকা কথাটোকেই প্ৰমান কৰিছে।
সাংবাদিক সকলক সুৰক্ষা নিশ্চিত কৰাৰ দাবীত গোলাঘাট জিলাৰ উপায়ুক্তৰ যোগেদি মুখ্যমন্ত্ৰীলৈ সংগঠনটোৱে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ ব্যক্তিৰ ওপৰত কৰা আক্ৰমণক অসহনীয় আৰু নিন্দনীয় আখ্যা দিয়ে সংগঠনটোৱে।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত কৰ্মৰত সাংবাদিক সকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবী জনাই প্ৰেৰণ কৰা স্মাৰক পত্ৰখনত সাংবাদিক সকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে শীঘ্ৰে এখন কঠোৰ আইন প্ৰণয়নৰ বাবে দাবী জনায়।
The post সাংবাদিকৰ সুৰক্ষাৰ দাবীত গোলাঘাট সাংবাদিক সুৰক্ষা মঞ্চৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DFn1CY
via IFTTT
Comments
Post a Comment