সোণ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট গুৱাহাটী

গুৱাহাটী ৰেল ষ্টেচনত ৪৩ লাখ টকাৰ সোন জব্দ ডিমাপুৰৰ পৰা কলকাতালৈ সৰবৰাহৰ কৰা কেৰালাৰ লোকক গ্ৰেপ্তাৰ


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ এপ্ৰিল :
উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সোণ সৰবৰাহত অন্যতম ট্ৰেনজিট পইণ্ট হিচাপে পৰিগণিত হৈছে গুৱাহাটী। পূৰ্বৰে পৰাই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সোণ সৰবৰাহ কাৰ্য অব্যাহত আছে। স্থলপথ আৰু ৰে’লপথেৰে সোণ গুৱাহাটীলৈ আনি ইয়াৰে পৰা বহিঃৰাজ্যলৈ সৰবৰাহ কৰা কাৰ্য পূৰ্বতেও পোহৰলৈ আহিছিল। যোৱা বছৰ গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল আৰক্ষীয়ে প্ৰায় ৭০ কোজি সোণ জব্দ কৰিবলৈ সক্ষম হৈছিল। চলিত বৰ্ষতো ৰে’ল আৰক্ষীয়ে কে’বাবাৰো সোণ সৰবৰাহকাৰীক আটক কৰি বিপুল পৰিমাণৰ চোৰাং সোণ জব্দ কৰিবলৈ সক্ষম হৈছিল। কেইদিনমান পূৰ্বে ট্ৰলী বেগৰ চকাৰ ৰূপ দি সোণ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়তে গুৱাহাটী ৰে’ল আৰক্ষীয়ে প্ৰায় ১.৫ কিলো জব্দ কৰিছিল। আজি নামনিমুৱা কামৰূপ এক্সপ্ৰেছত কলকাতালৈ সোণ সৰবৰাহ কৰাৰ চেষ্টা চলোৱা এজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ পৰা আঠখন সোণৰ বি¦³¨ট উদ্ধাৰ কৰে জিআৰপিএফৰ অভিযানকাৰী দলে। নিয়মিত তালাচীৰ সময়ত সহকাৰী পৰিদৰ্শক এছ কে সিঙৰ নেতৃত্বত জিআৰপিএফৰ দলে কেৰালাৰ কানুৰ জিলাৰ মহম্মদ হৰিশ মহম্মদ নামৰ লোকজনৰ পৰা আঠখন সোণৰ বি¦³¨ট উদ্ধাৰ কৰে। নামনিমুৱা কামৰূপ এক্সপ্ৰেছৰ শীত-তাপ নিয়ন্ত্ৰিত বি-৩ দবাৰ এঘাৰ নং ছীটৰ গৰাকী তথা সম্প্ৰতি মুম্বাইৰ এছবিকেএ তেজীমলা হাস্পতালত কৰ্মৰত লোকজনৰ পৰা এই বৃহৎ পৰিমাণৰ সোণখিনি জব্দ কৰে। প্ৰায় ১.৩ কিলো ওজনৰ সোণখিনি লোকজনে ডিমাপুৰৰ পৰা কলকাতালৈ সৰবৰাহ কৰাৰ যো-জা চলাইছিল। উক্ত সোণখিনিৰ আনুমানিক মূল্য ৪৩ লাখ টকা হ’ব বুলি ধাৰ্য কৰা হৈছে।

( News Cr : দৈনিক গণ অধিকাৰ  | A Dainik Gana Adhikar News Report )

The post সোণ সৰবৰাহৰ ট্ৰেনজিট পইণ্ট গুৱাহাটী appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2PCuw2e
via IFTTT

Comments