শিক্ষা বিভাগত আজৱ কাণ্ড, বদলিৰ দুমাহ পিচতো চকী এৰা নাই ৪ জন ডি আই সহ ১১ বিষয়াই

ডিজিটেল সংবাদ, শিলচৰঃ ৰাজ্যৰ শিক্ষা বিভাগত আজৱ কাণ্ড । বদলিৰ নিৰ্দেশ পোৱাৰ প্রায় দুমাহ পিচতো চকী এৰা নাই শিক্ষা বিভাগৰ ১১ জন বিষয়াই । যোৱা ৮ মাৰ্চত শিক্ষা বিভাগে বদলি কৰা ৰাজ্যৰ চাৰিজন ডি আই আৰু ৭ গৰাকী ইঞ্চপেক্টিং অডিটৰে আজি প্রায় দুমাহ পিচতো নিজৰ চকী খামুছি ধৰি আছে । ইয়াৰ ভিতৰত কাছাৰ জিলাৰ ডি আই নুৰুল হক মাজাৰভুঞা আৰু কাছাৰ ডি ই ই অ কাৰ্যলয়ৰ ইঞ্চপেক্টিং অডিটৰ সঞ্জীব দে’ক নিৰ্বাচনৰ পিচতে ৰিলিজ কৰাৰ লগতে দায়িত্ব চমজি লবলৈ ডি ই ই অ সুমিত্রা দে’ক নিৰ্দেশ দিছিল উপায়ুক্তই । ইফালে, ডি আই নুৰুল হক মাজাৰভুঞাই আজিলৈ বদলিৰ চৰকাৰী নিৰ্দেশেই লাভ কৰা নাই বুলি ক’লে সংবাদমাধ্যমৰ সন্মুখত । আনহাতে, ডি ই ই অ গৰাকীয়েও আজিলৈ দায়িত্ব চমজি লোৱা নাই ডি আইৰ পৰা ।
বিভিন্ন অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে ৰাজ্যৰ শিক্ষা বিভাগৰ ১১ গৰাকী বিষয়াক বদলি কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ দিছিল । যোৱা ১৭ জানুৱাৰীত নিৰ্বাচন আয়োগে শিক্ষা বিভাগলৈ জাৰি কৰিছিল এই নিৰ্দেশনা । কিন্তু নিৰ্বাচন আয়োগে কঠোৰ নিৰ্দেশ দিয়াৰ পিচতো মুঠেই গুৰুত্ব দিয়া নাছিল শিক্ষা বিভাগে । যোৱা ১০ মাৰ্চত নিৰ্বাচনী অধসূচনা জাৰি কৰাৰ মাত্র দুদিন পুৰ্বে অৰ্থাৎ ৮ মাৰ্চত এই ১১ গৰাকী বিষয়াক বদলিৰ নিৰ্দেশ দিয়ে শিক্ষা বিভাগৰ যুটীয়া সচিব আৰ গগৈয়ে ।
শিক্ষা বিভাগৰ এই নিৰ্দেশ মতে, কাছাৰ, বৰপেটা, ধুবুৰী আৰু গোলাঘাট জিলাৰ চাৰি গৰাকী ডি আইক বদলি কৰা হয় । একেটা নিৰ্দেশত বিভিন্ন জিলাৰ ১১ গৰাকী ইঞ্চপেক্টিং অডিটৰকো বদলি কৰা হয় । কিন্তু যোৱা ৮ মাৰ্চত বদলিৰ নিৰ্দেশ দিয়াৰ পিচতো আজি প্রায় দুমাহে চকী এৰা নাই এই সকল বিষয়াই । ইফালে,কাছাৰ জিলাৰ ডি আই নুৰুল হক মাজাৰভুঞাই অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক অৱগত কৰা মতে, তেওঁক গোলাঘাটলৈ বদলি কৰা বুলি মোবাইল হোৱাটচাপৰ জৰিয়তেহে জানিব পাৰিছে ৷ কিন্তু আজিলৈ চৰকাৰীভাৱে তেওঁ কোনো নিৰ্দেশ লাভ কৰা নাই ৷
বদলিৰ নিৰ্দেশ লাভ কৰাৰ পিচতো চকী এৰিব নোখোজা হকৰ দাবী তেওঁ যিহেতু এন আৰ চিৰ দায়িত্বত নিয়োজিত গতিকে তেওঁক ৰিলিজ নকৰে প্ৰশাসন নাইবা শিক্ষা বিভাগে ৷ কাছাৰত চাকৰিৰ তিনি বছৰ সম্পুৰ্ণ নোহোৱাৰ পিচতো কিয়, নুৰুল হক মাজাৰভূঞাক বদলি কৰিব লগা হল তাৰো কাৰণ নোহোৱা নহয় ৷ পেঞ্চনৰ কামত কেইবাজনো অৱসৰ প্ৰাপ্ত শিক্ষকক হাৰাশাস্তি কৰাৰ অভিযোগতে শিক্ষা বিষয়া জনক কাছাৰৰ পৰা গোলাঘাটলৈ বদলি কৰা হৈঠিল ৷ ওপৰ মহল শিক্ষক এগৰাকীয়ে অভিযোগ দিয়াৰ কথাও অকপটে স্বীকাৰ কৰে নুৰুল হক মাজাৰভুঞাই ৷
The post শিক্ষা বিভাগত আজৱ কাণ্ড, বদলিৰ দুমাহ পিচতো চকী এৰা নাই ৪ জন ডি আই সহ ১১ বিষয়াই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XU3Lt5
via IFTTT
Comments
Post a Comment